অতি শীঘ্ৰে অসমলৈ আহিব ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ

গুৱাহাটী,১১ এপ্ৰিল : ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাসৰ পৌৰহিত্যত ৰাজ্যিক কাৰ্যালয়ত দলটােৰ বিভিন্ন বিভাগ আৰু প্রকল্পৰ গুৰুত্বপূর্ণ পৰ্য্যালোচনা সভা এখন অনুষ্ঠিত হয়। সভাত উপস্থিত থাকি কার্যকর্তাসকলক সম্বোধন কৰে উত্তৰ পূৰ্বাঞ্চালৰ সাংগঠনিক সম্পাদক অজয় জামোৱাল৷ সভাত ভাৰতীয় জনতা পাৰ্টিৰ ২০ টা বিভাগ আৰু ১০ টা প্রকল্পৰ কাম-কাজ সক্রিয়তাৰে আগবঢ়াই লৈ যাবলৈ ৰাজ্যিক সভাপতিগৰাকীয়ে বিভিন্ন পৰামৰ্শৰ লগতে সকলোকে নিষ্ঠাৰে দলৰ এই দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে দলৰ পূৰ্বৰ কোষসমূহ ভংগ কৰি ৰাষ্ট্ৰীয় সমিতিয়ে বিভিন্ন বিভাগ আৰু প্রকল্পৰ নামত দলটা শক্তিশালী কৰাৰ বাবে উদ্যোগ গ্রহণ কৰিছে। আনহাতে ৰাজ্যিক সভাপতি গৰাকীয়ে কাৰ্যকর্তা সকলক অৱগত কৰে যে অতি শীঘ্ৰে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ বিভিন্ন বিভাগ আৰু প্রকল্পসমূহৰ কামৰ পৰ্যালোচনা কৰিবলৈ ৰাজ্যখন ভ্ৰমণ কৰিব বুলি মুখপাত্র অপৰাজিতা ভূঞাই জানিবলৈ দিয়ে৷ সভাত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্রনাথ শৰ্মা আৰু যুটীয়া সাংগঠনিক সাধাৰণ সম্পাদক অজয় কোঁৱৰো উপস্থিত থাকে৷