গুৱাহাটী, সংবাদ ৩৬৫, ২৫ মে’ : বিগত বছৰৰ দৰে এইবাৰো নাম উজ্বলাবলৈ সক্ষম হ’ল গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ে। ৰাজ্যৰ ভিতৰতে ক্ৰমে তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হ’ল ক্ৰমে নিশা আগৰৱাল, অৰুণাভ নাথ, আৰু ৰাহুল ৰয়ে ।

ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান লাভ কৰা নেহা আগৰৱালে লাভ কৰে মুঠ ৪৬৫ নম্বৰ , চতুৰ্থ স্থান লাভ কৰা অৰুণাভ নাথে লাভ কৰে মুঠ ৪৬১ নম্বৰ আৰু ৰাহুল ৰয়ে ৪৬০ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হয়।

গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা পোৱা তথ্য অনুসৰি ২০১৮ চনত মহাবিদ্যালয়খনৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ মাৰ্ক পাই ১৩১ জন ছাত্ৰ-ছাত্ৰীয়ে । ইয়াৰ বিপৰীতে চলিত বৰ্ষত অৰ্থাৎ ২০১৯ ত ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হয় মাত্ৰ ৮৯ জন ছাত্ৰ-ছাত্ৰীয়ে।

২০১৮ চনত প্ৰথম বিভাগ, দ্বিতীয় বিভাগ আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ক্ৰমে ২৭২, ১০৮ আৰু ৪২ জন ছাত্ৰ-ছাত্ৰী । ইয়াৰ অনুপাতে চলিত বৰ্ষত অৰ্থাৎ ২০১৯ ত প্ৰথম , দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ক্ৰমে ২৯৫, ১১০ আৰু ২৯ জন।

ইফালে মহাবিদ্যালয়খনৰ পৰা ২০১৮ বৰ্ষত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৪২৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আৰু উত্তীৰ্ণ হৈছিল ৪২২ গৰাকী ছাত্ৰ-ছাত্ৰী । ইয়াৰ বিপৰীতে ২০১৯ ত অৱতীৰ্ণ হৈছিল মুঠ ৪৩৪ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু গোটেই কেইগৰাকী পৰীক্ষাৰ্থীয়েই উত্তীৰ্ণ হ’বলৈ সক্ষম হয়।