গুৱাহাটী, ১৮ অক্টোবৰঃ অসমৰ পাহাৰীয়া জিলা কার্বি আংলং, পশ্চিম কার্বি আংলং আৰু ডিমা হাচাও যথেষ্ট সম্পদ আৰু সম্ভাৱনীয়তা আছে। এই তিনিখন জিলা প্রাকৃতিক আৰু মানৱ সম্পদত অতিশয় চহকী। এই সম্পদৰাজীৰ উপযুক্ত প্রয়োগৰ জৰিয়তে জিলাকেইখনৰ দ্রুত উন্নয়ন সাধন কৰাৰ লগতে ৰাজ্যখনৰ বিকাশত যাতে এই পদক্ষেপে উল্লেখনীয় ভূমিকা ল’ব পাৰে তাৰ বাবে আমি সকলোৱে দৃঢ়তাৰে কাম কৰিব লাগিব। এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ৷ কার্বি আংলং জিলাৰ ডিফুৰ জয় সিং দলৈ স্মাৰক প্রেক্ষাগৃহত আয়োজিত অনুষ্ঠানত প্রধানমন্ত্রী উজ্বলা যোজনাৰ অধীনত কার্বি আংলং আৰু পশ্চিম কার্বি আংলংৰ হিতাধিকাৰীক বিনামূলীয়া ৰন্ধন গেছ প্রদান কৰি ভাষণ প্ৰসংগত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইদৰে কয়। মুখ্যমন্ত্রী সোণোৱালে লগতে কয় যে আমি পাহাৰীয়া জিলাকেইখনক সকলো দিশতে শক্তিশালী কৰিব লাগিব। ইয়াৰ বাবে ৰাজ্য চৰকাৰে শিক্ষা, স্বাস্থ্য, পথ, দলং আদি সকলো ক্ষেত্ৰতে আগুৱাই নিয়াৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছো। জিলা তিনিখনৰ বাট পথ আৰু দলঙৰ উন্নয়নৰ বাবে প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অধীনত ৫০০ কোটি টকা ব্যয় কৰা হ’ব। পাহাৰীয়া জিলা কেইখনৰ উন্নয়ন অবিহনে অসমৰ সামগ্রিক উন্নয়ন কোনোপধ্যে সম্ভৱ নহয়। আমাৰ ৰাজ্যখন অকল সম্পদতে চহকী নহয়, ভাষা, সাহিত্য, সংস্কৃতি সকলোতে সমৃদ্ধিশালী। সেইবাবে আমাৰ চহকী সমলৰ ভেঁটিত এখন সমৃদ্ধিশালী সমাজ গঢ়ি তুলিব লাগিব। অসমৰ ৩.৪০ কোটি মানুহে একেলগে কাম কৰাৰ মানসিকতাৰে আগবাঢ়িব লাগিব। তেতিয়া আমাৰ ৰাজ্যখন কেতিয়াও পিছপৰি থাকিব নোৱাৰে বুলি মুখ্যমন্ত্রীয়ে কয়। মুখ্যমন্ত্ৰীয়ে লগতে সদৰি কৰি কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোড়ীয়ে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ জৰিয়তে ভাৰতবৰ্ষৰ উন্নয়ন সাধন কৰিব বিচাৰিছে। এক্ট ইষ্ট পলিচিৰ জৰিয়তে প্রধানমন্ত্রীয়ে অঞ্চলটোক শক্তিশালী ভাবে আগুৱাই নিয়াৰ বাবে পৰিকল্পনা গ্রহণ কৰিছো। প্রধানমন্ত্রীৰ এই সপোন বাস্তৱায়িত কৰাৰ বাবে আমি উৎসৰ্গিত মনােভাৱেৰে কাম কৰিব লাগিব। আধুনিক ভাৰতৰ নতুন ইঞ্জিন হিচাপে উত্তৰ পূৰ্বাঞ্চলক পৰিগণিত কৰাৰ বাবে প্রধানমন্ত্রীয়ে লোৱা সংকল্পই এই অঞ্চলৰ দ্রুত পৰিবর্তন সম্ভৱ কৰি তুলিব আৰু ইয়াৰ জৰিয়তে বিশ্বৰ বুকুত শক্তিশালী অৱস্থান গ্রহণ কৰিব বুলি মুখ্যমন্ত্রীয়ে আশা ব্যক্ত কৰে।