সংবাদ ৩৬৫ ডেস্ক, ১৮ অক্টোবৰঃ আজি কাতি বিহু৷ সকলো অপায় অমঙ্গল দূৰ কৰি শ্ৰীবৃদ্ধিৰ হোৱাৰ কামনাৰে সন্ধিয়া বিহু বুলি ঘৰৰ পদূলিত তথা ভৰালৰ সন্মুখত তুলসী ভেটি স্থাপন কৰি এগছি বন্তি প্রজ্বলন কৰিবলৈ প্ৰত্যেকজন অসমীয়া সাজু হৈছে৷ তুলসীৰ তলত বন্তি প্ৰজ্বলনেৰে ৰাজ্যবাসীয়ে আকালৰ দিনত পৰা উদ্ধাৰ কৰিবলৈ ভগৱানৰ ওচৰত প্রাৰ্থনা জনাব। উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যখনত দুটাকৈ বলিয়া বানে বিদ্ধস্ত কৰাৰ পিছতো অসমীয়াৰ বাপোতি সাহোন স্বৰূপ কাতি বিহু উদযাপন কৰিবলৈ প্ৰত্যেকজন অসমীয়া সাজু হৈছে৷ অৱশ্যে বহু ঠাইত কাতি বিহু বুলি নাই কোনো উচাহ-উদ্দীপনা৷ উপৰ্যুপৰি বানে থান বান কৰি থৈ যোৱা বিধ্বস্ত ঘৰ বাৰী আৰু বালিয়ে পুতি পেলোৱা হেজাৰ হেজাৰ বিঘা খেতি পথাৰত এতিয়া চকুৰে নমনালৈকে কেৱল মৰুভূমিসদৃশ বিস্তীর্ণ বলুকা। কেৱল খেতি-বাতিৰ ওপৰতেই জীবিকা নির্বাহ কৰা গাঁৱত এতিয়া এমুঠি ভাত আৰু আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে সহস্রাধিক পৰিয়ালে। সেউজীয়া পথাৰৰ চিন মোকাম নাইকিয়া হৈ পৰিছে বহু পৰিয়ালৰ৷ কাতি বিহুৰ সন্ধিয়া তুলসীৰ তলত এগছি বন্তি জ্বলাবলৈ আপোন ভেঁটিটোৰ নাই কোনো অস্তিত্ব।