ছয়গাঁও

৩১ আগষ্ট

কংগ্ৰেছ ত্যাগ কৰি কংগ্ৰেছক উৎখাত কৰাৰ হুংকাৰ। প্ৰাক্তন কংগ্ৰেছ নেতা দুলু আহমেদে কংগ্ৰেছক ১১ টা সমষ্টিৰ পৰা সম্পূৰ্ণৰূপে উৎখাত কৰিব।সোমবাৰে ছয়গাঁৱত উপস্থিত সদ্য কংগ্ৰেছ ত্যাগী নেতা দুলু আহমেদৰ বিস্ফোৰণ।

কংগ্ৰেছ ত্যাগ কৰিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নামি পৰিছে প্ৰাক্তন কংগ্ৰেছ নেতা দুলু আহমেদ। অতি শীঘ্ৰে এটা অন্য ৰাজনৈতিক দলত যোগদান কৰাৰ কথা ঘোষণা কৰি কংগ্ৰেছৰ প্ৰাক্তন নেতা গৰাকীয়ে লগতে কয় যে “আগন্তক বিধানসভা নিৰ্বাচনত মই নিজে দায়িত্ব লৈ ৰাইজৰ সহযোগত ১১ টা সমষ্টিৰ পৰা কংগ্ৰেছক চিৰ দিনৰ বাবে নাইকিয়া কৰিম। এই ১১ টা সমষ্টিৰ ভিতৰত এক নম্বৰত আছে ছয়গাঁও সমষ্টি”। ছয়গাঁও সমষ্টিৰ লগতে বকো, চিপাঝাৰ, চেঙা, বৰক্ষেত্ৰী, কমলপুৰ, সৰুক্ষেত্ৰী আৰু যোৰহাটৰ লগতে অন্য কেইবাটাও সমষ্টিৰ পৰা কংগ্ৰেছ দলক সম্পুৰ্ণৰূপে উৎখাত কৰাৰ দায়িত্ব কান্ধত লৈছে বুলি মন্তব্য প্ৰকাশ কৰে দুলু আহমেদে। দুলু আহমেদে কংগ্ৰেছক চিৰদিনৰ বাবে উৎখাত কৰাৰ দায়িত্ব লোৱা ১১ টা সমষ্টিৰ নেতা সকলে ছিণ্ডিকেট বনাই বিভিন্ন মিছা কথাৰে দলৰ কর্মী সকলক আগুৱাই অহাত বাধাৰ সৃষ্টি কৰিছে বুলি অভিযোগ কৰে দুলু আহমেদে। ইফালে ছয়গাঁও সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক ৰেকিবুদ্দি আহমেদক আক্ৰমণ কৰি দুলু আহমেদে কয় যে ৰেকিবুদ্দি আহমেদৰ নিচিনা মিছা কথা কোৱা, ঠগবাজ আৰু চাকৰিৰ নামত টকা লোক বিধায়কক এইবাৰ ছায়গাঁৱৰ ৰাইজে চিৰদিনৰ বাবে বিদায় দিব।

ছয়গাঁৱত উপস্থিত হৈ দুলু আহমেদে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰাৰ লগতে নিৰ্বাচনৰ পূৰ্বে এক সংবাদমেল অনুষ্ঠিত কৰি ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে চাকৰিৰ নামত আৰু ঠিকাৰ নামত কাৰ কাৰ পৰা কিমান টকা লৈছে ইয়াৰ সম্পূৰ্ণ তালিকা ৰাজহুৱা কৰিব বুলিও জানিবলৈ দিয়ে। নিৰ্বাচনৰ পিছত ৰেকিবুদ্দি আহমেদ চিৰ দিনৰ বাবে বিহাৰলৈ যাব লাগিব বুলিও মন্তব্য প্ৰকাশ কৰে দুলু আহমেদে।