কাৰ্বি আংলং, সংবাদ ৩৬৫, ১৮ আগষ্ট: কাৰ্বি আংলং জিলাৰ বন বিভাগৰ অন্তৰ্গত বকলীয়াঘাটস্থিত নৰ্দাৰ্ণ ৰেঞ্জ কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দলে শনিবাৰে পুৱতি নিশা সহকাৰী বন সংৰক্ষক হৰিনাথ ৰংহাঙৰ নেতৃত্বত এটা দলে এক গোপন সূত্ৰৰ পম খেদি বকলীয়াঘাটৰ যমুনা নৈত থকা জলসিঞ্চন প্ৰকল্পৰ ওপৰত থকা দলঙৰ দুয়োপাৰে খাপ পিটি থাকি চোৰাং কাঠৰ সৰবৰাহকাৰী দলটোক জালত পেলায়। উক্ত অভিযানত পাঁচটা চেগুনৰ কুণ্ডা জব্দ কৰাৰ লগতে এটা ধৃত চোৰাং কাঠ ব্যৱসায়ী গ্ৰেপ্তাৰ কৰে । পাঁচখন চাইকেলেৰে কুণ্ডাকেইটা কঢ়িয়াই অনা কাঠচোৰৰ দলটোৰ চাৰিটা গভাইত চোৰে আন্ধাৰৰ সুযোগ লৈ পলাই পত্ৰং দিয়ে যদিও চোৰৰ দলটোৰ এটাক বনকৰ্মীৰ দলটোৱে আটক কৰিবলৈ সক্ষম হয় । ধৃত কাঠচোৰটো জিতেন পাটৰ বুলি চিনাক্ত কৰিছে বনকৰ্মীৰ দলটোৱে। ধৃত কাঠচোৰটোক ইতিমধ্যে শনিবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।