বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ২৮ মাৰ্চ: যোৰহাটস্থিত অসম মহিলা বিশ্ববিদ্যালয়ৰ বিলুপ্তিকৰণৰ প্ৰস্তাৱৰ বিৰোধিতাৰে আৰু বিশ্ববিদ্যালয়খন ৰক্ষাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ বঙাইগাঁও জিলা সমিতিয়ে বুধবাৰে বঙাইগাঁও শ্বহীদ ভৱনৰ সন্মুখত মুখত কলা কাপোৰ মাৰি পুৱা ১১বজাৰ পৰা দিনৰ ২ বজালৈ ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে জুৰহাটস্থিত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খনৰ বিশ্ববিদ্যালয়ৰ মৰ্যাদা কৰ্তন কৰি মহিলা উচ্চ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান হিচাপে গঢ় দিয়াৰ যি পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ বিৰুদ্ধে ৰাজ্যৰ শিক্ষাৰ্থী সকল ক্ষোভিত হৈ পৰিছে। ৰাজ্য চৰকাৰ এই সিদ্ধান্তৰ বিৰুদ্ধে উজনিৰ পৰা নামনিলৈকে শিক্ষাৰ্থী সকল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।