ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ২৮ মাৰ্চ: তিনিচুকীয়া জিলা ডিগবৈ থানা অন্তৰ্গত ২নং বৰবিলত মঙলবাৰে নিশা লিডুৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা যাত্ৰীবাহি ৰেলৰ খুন্দাত এজন অচিনাক্ত লোক নিহত হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চ‍্যলৰ সৃষ্টি কৰিছে। লংপেন্ট, চাৰ্ট পৰিহিত প্ৰায় ৩০-৩৫ বছৰীয়া অচিনাক্ত লোকজনৰ এতিয়ালৈকে চিনাক্ত হোৱা নাই। ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি ৰেল আৰক্ষীক বিষয়তো অৱগত কৰাৰ লগতে নিহত ব্যক্তিজনৰ চিনাক্ত কৰণৰ চেষ্টা অব্যাহত ৰাখিছে।