বঙাইগাঁও, সংবাদ ৩৬৫, ২১ ছেপ্টেম্বৰ: বঙাইগাও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত কীৰ্তনপাৰা পানী যোগান আঁচনিটো প্ৰায় ১৫ বছৰ ধৰি বিকল হৈ আছে। উক্ত পানী যোগান আচনিটোৰ পৰা ৰাইজে এটোপাল পানীও পোৱা নাই। আচনিৰ সামগ্ৰী সমুহ বিকল হোৱাৰ লগতে আঁচনিখনৰ ভিতৰত ১০৮ৰ কৰ্মচাৰী সকলৰ বাসগৃহ হিচাপে ব্যৱহাৰ কৰি আছে। পানী যোগান আচনিৰ ভিতৰত বস্তাই বস্তাই মদৰ বটল পৰি থকা পৰিলক্ষিত হৈছে।আঁচনিৰ ভিতৰত বসবাস কৰা ১০৮ ৰ কৰ্মচাৰী সকলে দিনটো টাচ খেলি দিন অতিবাহিত কৰা বুলি স্হানীয় ৰাইজে উল্লেখ কৰিছে। ইফালে পানী যোগান আচনিৰ নামত মাটি দান দিয়া পৰিয়ালে উল্লেখ কৰি কয় চাকৰীৰ নামত পানী যোগান আচনিৰ নামত মাটি দিলে কিন্তু একো নাপালে আৰু যিহেতু পানী যোগান আঁচনিটো বন্ধ হৈ আছে গতিকে মাটিখিনি তেওঁলোকক ঘুৰাই দিব লাগে।পানী যোগান আঁচনিটো অতি শীঘ্ৰে কাৰ্যক্ষম কৰি তোলাৰ লগতে ১০৮ ৰ কৰ্মচাৰীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লবলৈ দাবী জনাইছে স্হানীয় ৰাইজে