বঙাইগাঁও

৩১ অক্টোবৰ

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩ নং বাশবাৰীত বোমাতাংক। বোমাৰ শব্দত আতংকিত ৰাইজ। বিস্ফোৰণস্থলীত বাৰুদ, তাঁৰ আদি উদ্ধাৰ।

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩ নং বাশবাৰী শনিবাৰে পুৱতি নিশা খগেন চন্দ্ৰ মণ্ডল নামৰ এজন ব্যক্তিৰ ঘৰৰ পুখুৰীৰৰ পাৰত ৰাইজে বোমাৰ বৃহৎ শব্দ অনুভৱ কৰে। পুৱাৰ ভাগত ৰাইজ বিস্ফোৰণস্থলীত উপস্থিত হৈ বোমা বিস্ফোৰণৰ বাৰুদ, তাঁৰ আদি প্ৰত্যক্ষ কৰি ৰাইজ আতংকিত হৈ পৰে। ৰাইজে ঘটনা সংক্ৰান্তত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

বিস্ফোৰণ হোৱা সমগ্রীখিনি প্ৰকৃততে বোমা নে ফটকা সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিওঁ স্থানীয় ৰাইজে হাতে বনোৱা বোমা বুলি উল্লেখ কৰাৰ পৰিবৰ্তে আৰক্ষীয়ে ফটকা বুলি সন্দেহ প্ৰকাশ কৰিছে।