ছৰফৰাজ খান

গুৱাহাটী

৩১ অক্টোবৰ

বিজেপিক ৫ নৱেম্বৰ পৰ্যন্ত সময় দিলে আম আদমী পাৰ্টীৰ অসম ৰাজ্যিক সমিতিয়ে। ৫ নৱেম্বৰৰ।পিছত ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আম আদমী পাৰ্টীৰ। শনিবাৰে গণেশগুৰিৰ ৰাজপথ কপালে আম আদমী পাৰ্টীয়ে। আম আদমী পাৰ্টীৰ অৰ্ধ শতাধিক নেতা-কর্মী ওলাই আহিল ৰাজপথলৈ।

বজাৰত জুই, সাধাৰণ জনতা জ্বলিছে মূল্যবৃদ্ধিৰ জুইত, শাসকীয় দল মূল্যবৃদ্ধি নিয়ন্ত্ৰণত বিফল আৰু বিৰোধী দল সমূহ আছে শুই। ৰাজ্যত বৰ্তমান অত্যাৱশ্যকীয় সমগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে জুৰুলা কৰিলে সৰ্বসাধাৰণ ৰাইজক। মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত শাসকীয় বিজেপি দল সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ বিপৰীতে বিৰোধী দল সমূহে মূল্যবৃদ্ধিকলৈ সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে মূল্যবৃদ্ধিকলৈ সৰৱ হৈ উঠিছে আম আদমী পাৰ্টীৰ অসম ৰাজ্যিক সমিতি।

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আৰু নিবনুৱা সমস্যা সমাধানৰ দাবীত শনিবাৰে আম আদমী পাৰ্টীয়ে মহানগৰী গুৱাহাটীৰ গণেশগুৰিত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। আম আদমী পাৰ্টীৰ অসম ৰাজ্যিক সমিতিৰ অৰ্ধ শতাধিক নেতা-কৰ্মীয়ে এক প্ৰতিবাদী সমদল উলিয়াই অত্যাৱশ্যকীয় সমগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আৰু নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্যৰ বিজেপি চৰকাৰকখন ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি চৰকাৰখনক তীব্ৰ সমালোচনা কৰে। প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ মূর্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক, নিবনুৱা সমস্যা সমাধান কৰক আদি শ্ল’গানেৰে গণেশগুৰিৰ ৰাজপথ উতলা কৰি তোলে।

প্ৰতিবাদকাৰী আম আদমী পাৰ্টীৰ নেতা-কর্মী সকলে বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত অত্যাৱশ্যকীয় সমগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিজেপি দলত নেতা-কর্মী সকলে আলু-পিয়াঁজৰ মালা প্ৰৰিধান কৰি ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু আজি বিজেপিৰ দিনত অত্যাৱশ্যকীয় সমগ্ৰীৰ জুই চাই দামৰ ফলত সৰ্বসাধাৰণ ৰাইজ জুৰুলা হৈ পৰিছে। আজি বিজেপিৰ আলু-পিয়াঁজৰ মালা পৰিধান কৰি প্ৰতিবাদ কৰা নেতা-কৰ্মী সকল শুই আছে।

আম আদমী পাৰ্টীৰ নেতা-কর্মী সকলৰ চৰকাৰক অতি শীঘ্ৰে অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে দাবী জনায়। ৰাজ্যৰ বিজেপি চৰকাৰখনে অহা ৫ নৱেম্বৰ পৰ্যন্ত অত্যাৱশ্যকীয় সমগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে আম আদমী পাৰ্টীৰ নেতা-কর্মী সকলে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আৰু নিবনুৱা সমস্যা সমাধানৰ দাবীত প্ৰতিবাদস্থলীৰ পৰাই আম আদমী পাৰ্টিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে।