বটদ্রৱা , সংবাদ৩৬৫, ৩১ মাৰ্চ : বটদ্রৱাত অগপৰ বিশাল নিৰ্বাচনী সভা । মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ বেলতল খেল পথাৰত নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ। নিৰ্বাচনী প্ৰচাৰৰ সভাত উপস্থিত হিমন্ত বিশ্ব শৰ্মা, কেশৱ মহন্ত আৰু আঙুৰলতা ডেকা।

জনসভাত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য – কলিয়াবৰত হাতীক ভোট দিলেহে মোদী প্ৰধানমন্ত্ৰী হ’ব, লোকসভাত আপোনালোকে হাতীক ভোট দিয়ক, বিধানসভাত আঙুৰলতাক পদুমক ভোট দিয়ক।

আমি বিচাৰিছিলো বগীবিলৰ দলং, ধলা-শদিয়াৰ দলং মনমোহন সিঙৰ কাৰ্যকালতে সম্পূৰ্ণ হওক, কিন্তু গুজৰাটৰ সন্তান নৰেন্দ্ৰ মোদীৰ দিনতহে হ’ল, অসমৰ সাংসদ হৈ মনমোহন সিঙে ডিঙিত গামোছা নল’লে, কিন্তু মোদীয়ে গামোচাক সন্মান দিলে, অসমীয়াক সন্মান দিলে। এই বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ।

আনহাতে, জনসভাত কংগ্ৰেছক তীব্ৰ সমালোচনা মন্ত্ৰীগৰাকীৰ ।কংগ্ৰেছে নেহৰু আৰু ৰাজীৱ গান্ধীকহে ভাৰতৰত্ন দিয়ে। তৰুণ গগৈৰ অৰ্থনীতি ধুতি, লুঙী, সূতা দিয়া অৰ্থনীতি, ধুতি-লুঙীৰ বাবে কংগ্ৰেছী দালালৰ ভৰিত ধৰিব নালাগে। গৌৰৱ গগৈৰ মতা মাছ-মাইকী মাছ বিচাৰি থাকোতেই গ’ল, উগ্ৰপন্থীৰ আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ সাহস নাছিল কংগ্ৰেছৰ, আমাৰ দিনত পাকিস্তানৰ ভিতৰত প্ৰতিশোধ লোৱা হ’ল ।