ৰঙিয়া, সংবাদ ৩৬৫, ৩১ মাৰ্চ : ৰঙিয়াৰ পুঠিমাৰীত অঘটন। পুৱতি নিশা নেন্সী ধাবাত বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় নেন্সী ধাবা । ৰাতিপুৱা ধাবাৰ গৰাকীয়ে ধাবা খুলিবলৈ আহি হুৱা-দুৱা লাগে । এই অগ্নিকাণ্ডত ধাবাখনৰ লক্ষাধিক টকাৰ সা-সামগ্ৰীৰ ক্ষয়-ক্ষতি হয় ।

ধাবাৰ গৰাকীৰ সন্দেহ পুৱতি নিশা কোনো দুৰ্বৃত্তই ধাবাখন জ্বলাই দিছে । ৰঙিয়াৰ হাহাৰাৰ নিবাসী যাদৱ কলিতাই ধাবাখন দি কোনোমতে পৰিয়ালটি পোহ-পাল দি আছিল । দেওবাৰে হঠাৎ এনেদৰে ধাবাখন জ্বলি চাই হৈ যোৱাত দুখত ভাগি পৰিছে বৃদ্ধগৰাকী ।

ধাবাৰ গৰাকী যাদৱ কলিতাই ইতিমধ্যে কমলপুৰ আৰক্ষীৰ কাষ চাপিছে । হয়তো আৰক্ষীৰ তদন্তত উলাই পৰিব ধাবাখনৰ অগ্নিকাণ্ডৰ আচল ৰহস্য ।