বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫ ,১৩ ফেব্ৰুৱাৰী: ৰাজ্যখনৰ লগতে দেশৰো কোনো কোনো চুকত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে এলাহাবাদৰ প্ৰয়াগৰাজত অনুষ্ঠিত কুম্ভমেলাত নাগাৰা নাম পৰিৱেশন কৰি নাগাৰা নামৰ শিল্পী চণ্ডীৰাম পাটোৱাৰীয়ে নাগাৰা নাম যে কেৱল অসমতে সীমাবদ্ধ নহয় তাৰেই স্পষ্ট প্ৰমাণ কৰিলে । কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহদিয়া গাঁৱৰ প্ৰয়াত উন্নথ পাটোৱাৰীৰ পুত্ৰ চণ্ডী পাটোৱাৰীয়ে বিগত ২৬ বছৰ ধৰি তেওঁ নাগাৰা নামৰ প্ৰচাৰ চলাই অহাৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তত পৰিৱেশনো কৰি আহিছিল । যদিও এইবাৰ শিল্পীগৰাকীয়ে নাগাৰা নামক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে যোৱা ৫ ফেব্ৰুৱাৰীত পোন প্ৰথমবাৰৰ বাবে (কুম্ভ মেলা-২০১৯ ) এলাহবাদৰ প্ৰয়াগৰাজত উপস্থিত হৈ নাগাৰা নাম পৰিৱেশন কৰি চণ্ডীৰাম পাটোৱাৰীয়ে “মা চেনেহী নাগাৰা নাম দল “ৰ প্ৰচেষ্টা সাৰ্থক কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত মংগলবাৰে গৃহভূমি বিহদিয়াত উপস্থিত হোৱাৰ পিছতে শিল্পী পাটোৱাৰীক সোধা এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে “অসমৰ লগতে অসমৰ বাহিৰতো নাগাৰা নাম পৰিবেশন কৰি প্ৰচাৰৰ বহু দিনীয়া এটি ইচ্ছা আছিল। অৱশেষত এই ইচ্ছা পুৰণ হ’ল বুলি জনায় শিল্পী গৰাকীয়ে।
