বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ২৮জানুৱাৰী: কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান আগডলা চাৰিআলি হাইস্কুলত দীৰ্ঘদিনে খালি হৈ থকা শিক্ষকৰ পদসমূহ পুৰণ নকৰাৰ বাবে সোমবাৰে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে ২০১৮ বৰ্ষৰ আগষ্ট মাহত বৰ্তমানৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচার্যই এসপ্তাহৰ ভিতৰতে শিক্ষকৰ খালী পদসমূহৰ অভাৱ পুৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বৰ্তমানলৈ এজনো শিক্ষকৰ নিযুক্তি সম্পূৰ্ণ নকৰিলে শিক্ষামন্ত্ৰী গৰাকীয়ে। পাচশৰো অধিক ছাত্ৰ ছাত্ৰী থকা উক্ত বিদ্যালয়খনত মাত্ৰ ১৪ গৰাকী শিক্ষক শিক্ষয়েত্ৰীহে পাঠদান কৰি আছে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুওৱা বিদ্যালয়খনত শিক্ষকৰ অভাৱে ছাত্ৰ ছাত্ৰীৰ পাঠদানত ব্যাঘাত জন্মোৱা বুলি অভিযোগ উত্থাপন কৰে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাবক সকলে। সেয়ে সোমবাৰে ছাত্ৰ- ছাত্ৰী , অভিভাৱক-অভিভাৱিকা সকলৰ লগতে বিদ্যালয় পৰিচালনা সমিতি আৰু ছাত্ৰ সংন্থাই শিক্ষক নিযুক্তিৰ দাবীত এই অৱস্থান ধৰ্মঘট পালন কৰে । ছাত্ৰ ছাত্ৰী সকলে অসম চৰকাৰ হায় হায় , শিক্ষামন্ত্ৰী হায় হায় আদি ধ্বনিৰে চৰকাৰ বিৰোধী শ্লোগানেৰে বিদ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে । ছাত্ৰ ছাত্ৰীৰ জীৱনকলৈ হেতালি নেখেলিবলৈ আহ্বান জনায় ছাত্ৰ ছাত্ৰী তথা অভিভাৱক সকলে ।