তামুলপুৰ, সংবাদ ৩৬৫, ২৮ জানুৱাৰী: ৰাজ্যত বৰ্তমানেও অব্যাহত আছে জাতি ধ্বংসী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ-আন্দোলন। সোমবাৰেও তামুলপুৰ মহকুমা ছাত্ৰ সন্থা আৰু তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই বাৰ বজাত তামুলপুৰ ঘগ্ৰাচকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ প্ৰতিমুৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্য্যসূচীত প্ৰতিবাদী সকলে অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোনোৱাল, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাৱাদ, বিজেপিৰ গুণ্ডামি নচলিব, সদৌ অসম ছাত্ৰ সন্থা জিন্দাৱাদ আদি শ্লোগানেৰে তামুলপুৰৰ ঘগ্ৰাচক উত্তাল কৰি তোলে। ইফালে দক্ষিণ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থাইও ৰঞ্জিত দাস আৰু সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তী দাহ কৰি নলবাৰী কাণ্ডৰ লগত জড়িত থকা গুণ্ডা বাহিনীক ধিক্কাৰ দিয়াৰ লগতে নাগৰিকত্ব সংশোধনী বিল বাতিলৰ দাবীত গান্ধীবাৰীত প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে কুমাৰীকাটা, দ্বাৰকুছিতো আছুই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ প্ৰতিমুৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।