বাক্সা, সংবাদ ৩৬৫, ১৮ অক্টোবৰ: শাৰদীয় দুৰ্গোৎসৱৰ উখল মাখল পৰিৱেশৰ মাজতেই বাক্সা জিলাৰ নাওকাটাৰ জলঠেঙপাৰ চকত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। জি এ০৬ এইছ৩৬৫৭ নম্বৰৰ পালচাৰ বাইক আৰু এ২৫ জি৭৮১০ নম্বৰৰ গ্লেমাৰ বাইক এখনৰ মুখামুখী সংঘৰ্ষ হয়। ফলত দুজন লোক থিতাতে নিহত হয় আৰু দুজন লোকৰ অৱস্থা অতি সংকটজনক। নিহত লোক এজনৰ ঘৰ বাক্সাৰ পশ্চিম নাওকাটাত আৰু এজন ঘৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত কাউৰবাহাৰ বুলি জানিব পৰা গৈছে। আহত লোক দুজন বৰ্তমান জি এন আৰ চি হাস্পাতালত চিকিৎসাধীন অৱস্থাত আছে।