বাঘবৰ, ১১ আগষ্টঃ বৰপেটাৰ বাঘবৰত বেঁকী নদীৰ বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰিছে৷ বেকী নদীৰ বাঢ়নী পানীয়ে নিশাৰ ভিতৰতে প্ৰায় ২০ খকৈ গাঁও জলমগ্ন কৰাৰ লগতে ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, বেঁকী নৈৰ প্ৰৱল সোঁতে বাঘবৰৰ মৰাভাজ, সত্ৰকনৰা ১৪ নং ছিট গাঁৱৰ ২০ টাকৈ পৰিয়ালৰ ভেঁটি-মাটি উচন কৰে৷ বানপানীত অঞ্চলটোৰ শ শ বিঘা কৃষিভূমি জনমগ্ন হয়৷ খহনীয়াগ্ৰস্ত পৰিয়ালসমূহে ওখ ঠাইৰ অভাৱত পানীৰ মাজতে ককবকাব লগীয়া হৈছে৷ বেকীৰ বাঢ়নী পানীয়ে  বাঘবৰ-বহৰি সংযোগী মাথাউৰি ছিঙাৰ আশংকা কৰিছে স্থানীয় লোকে। বহু ঠাইত বৰষুণৰ পানীয়ে মাথাউৰিটোৰ মাটি খহাই প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি কৰিছে৷ বেকীৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ ধন-জনলৈ ভাবুকি কঢ়িয়াই অনাৰ পিছতো জিলা প্ৰশাসন তথা স্থানীয় বিধায়কৰ নিৰ্লিপ্ত ভূমিকাক স্থানীয় লোকে কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷ উল্লেখ্য যে, পূৰ্বেও পাহাৰপুৰ কাতুলিত মাথাউৰিটো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াত নিমিষতে চাৰিটাকৈ পৰিয়ালৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ লগতে খেতি পথাৰসমূহৰ বিস্তৰ ক্ষতি হৈছিল৷