কলগাছিয়া, ১১ আগষ্টঃ বিগত কেবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণ ফলত বিপদ সীমাৰ ওপৰেৰে বৈছে বৰপেটাৰ মাজেৰে বৈ যোৱা বেঁকী নৈ। বেঁকী নৈৰ বাঢ়নী পানীত বৰডাংগা, কামাৰপাৰা, লাচাংগা, ডাউকমাৰী, জনীয়া, কাদং, ছালেহকুৰাকে ধৰি প্ৰায় ৭০ খন গাঁও প্লাৱিত হৈছে। বানাক্ৰান্তই নিজৰ পশুধন আৰু অন্যান্য সা-সামগ্ৰীসহ মথাউৰিৰ ওপৰত আশ্ৰয় ল’বলগীয়া হৈছে৷ বানপানীত কেবাসহস্ৰাধিক লোক  আৱদ্ধ হৈ থকাৰ পিছতো বৰপেটা জিলা প্ৰশাসনে কোনো ধৰণৰ খবৰ নোলোৱাত তথা সাহাৰ্য্য নিদিয়াত বানাক্ৰান্তই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। তেওঁলোকে বৰপেটা জিলা প্ৰশাসন আৰু স্থানীয় বিধায়কক শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।