বৰপেটা, সংবাদ ৩৬৫, ২২ মে : বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ উত্তৰ অঞ্চলৰ হাবি ৰাধাকুছি আৰু দেব্ৰাদী গাঁৱৰ হাজাৰ বিঘা ইৰি ধানৰ খেতি মৰা চাউলখোৱা নদীৰ বান্ধ নথকা বাবে পানীত ডুব গৈ নষ্ট হয়। যাৰ ফলত সম্প্ৰতি হাহাকাৰ সদৃশ পৰিস্থিতি কৃষকৰ মাজত।

বিগত কেইবাটাও দিনৰ নেৰানেপেৰা বৰষুণৰ ফলত অনিষ্ট হোৱা বিস্তৃৰ্ণ কৃষিৰ খবৰ লবলৈ আহৰি নাই চেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী কিম্বা বৰপেটা জিলা কৃষি বিভাগৰ কৰ্মচাৰীৰ। যাৰ ফলত এই বিষয়লৈ ব্যপক ক্ষোভৰ সৃষ্টি হৈছে অঞ্চলটোৰ ক্ষতিগ্ৰস্ত কৃষকৰ মনত।

উল্লেখযোগ্য যে যোৱা পুহ মাহত ইৰি ধানৰ খেতি কৰা কৃষক সকলে আৰু কিছু দিনৰ মূৰতেই চপাব পাৰিলে হেঁতেন নিজৰ খেতিডৰা। কিন্তু বৰষুণে সকলো বিধি পথালি দিলে, বিগত দিনতো প্ৰায়ে এই অঞ্চলৰ কৃষি ভূমি মৰা চাউলখোৱাৰ পানীয়ে বিনষ্ট কৰে যদিও বাৰম্বাৰ দাবী উঠা স্বত্তেও মাত্ৰ আধা কিলোমিটাৰ বান্ধ বন্ধাৰ সক্ষমতা নাই চেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলীৰ।

হাবি ৰাধাকুছি গাঁৱৰ এজন কৃষক বাবৰ আলিয়ে সংবাদ মাধ্যমৰ আগত কয় যে- তেওঁৰ ৫ বিঘা খেতি কৰোতে ৯ হাজাৰ টকাৰ তেল, ৫ হাজাৰ টকাৰ হাল, শ্ৰমিকৰ মাননী হিচাপে ৪ হাজাৰ টকা আৰু কীটনাশক-সাৰ বাবদ প্ৰায় ৪ হাজাৰ টকা খৰচ হৈছে। মুঠতে গড় হিচাপত প্ৰতি বিঘা ধান খেতিৰ বাবে অতি কমেও ৫৫০০ টকাকৈ খৰছ হৈছে। এইবাৰ তেওঁৰ খেতি মৰা চাউলখোৱাৰ পানীত ডুব যোৱাৰ বাবে তেওঁ সম্মুখীন হৈছে বিষম অৰ্থনৈতিক ক্ষতিৰ।

ইপিনে দেব্ৰাদী গাঁৱৰ কৃষক তালেব্বৰ আলীয়ে কয় যে- তেওঁৰ ৬ বিঘা মাটিৰ ইৰি ধানৰ খেতি নষ্ট হৈছে, মোটামুটি ৩০ হাজাৰ টকা ডুব গৈছে পানীত। তেওঁ অভিযোগ তুলি কয় যে ইয়াৰ বাবে একমাত্ৰ দায়ী সমষ্টিটোৰ জনপ্ৰতিনিধি। যদিহে দেব্ৰাদীৰ পৰা হাবি ৰাধাকুছি আঞ্চলিক বজাৰলৈ ৫০০ মিটাৰ বান্ধ দিলে হেতেন তেন্তে তেওঁলোকৰ খেতি পানীত বুৰ নগ’ল হেতেন বুলিও দাবী কৰে।

অন্যহাতে স্থানীয় শিক্ষিত যুৱক আবুল হুছেইনে প্ৰকাশ কৰে যে এই অঞ্চলৰ কৃষক সকল কৃষি বীমা সম্পৰ্কে জ্ঞাত নহয় আৰু কৃষি বিভাগেও কেতিয়াও আহি ইয়াৰে কৃষকক সজাগ কৰাৰ চেষ্টা নতুবা সহায় কৰাৰ কথা ভবা নাই বাবেই কৃষক সকলে প্ৰতি বছৰেই ঘাটিৰ সম্মুখীন হ’ব লগা হয়। এই সমগ্ৰ বিষয়লৈ চেঙা সমষ্টিৰ বাসিন্ধা তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা কমিটিৰ সম্পাদক আশ্ৰাফুল হুছেইনেও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। তেওঁ অতি বলিষ্ঠ ভাবে চেঙা সমষ্টিৰ অকৰ্মণ্য বিধায়ক শুকুৰ আলীক এই বৃহৎ ক্ষতিৰ বাবে জগৰীয়া কৰে।

তেওঁৰ মতে কৃষি প্ৰধান চেঙা সমষ্টিত কদৰ নাই কৃষকৰ, কৃষকৰ হাহাকাৰত মৌন তথা অনুভৱি হ’ব নোৱাৰা জন প্ৰতিনিধিক ৰাইজে প্ৰত্যাখান কৰাৰ সময় সমাগত।