শিমলুগুৰি, ২৭ ছেপ্টেম্বৰঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত ৰাজ্যৰ বিজেপি নেতৃতাধীন চৰকাৰখনে গ্ৰেপ্তাৰ কৰা কাৰ্যক বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই তীব্ৰ ভাষাৰে গৰিহণা দিছে। দেৱব্ৰত শইকীয়াই কয় যে, বিজেপি চৰকাৰে এই কাৰ্যৰ দ্বাৰা তেওঁলোকৰ মতৰ বিৰোধীসকলৰ প্ৰতি মনোভাৱ প্ৰকাশ কৰিছে আৰু বিৰোধীৰ প্ৰতি থকা তেওঁলোকৰ এনে আচৰণ কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। ভাৰতবৰ্ষত বৰ্তমান বিজেপি শাসনাধীন ৰাজ্যত যি হাৰত বিৰোধী সকলৰ ওপৰত অত্যাচাৰ, ভয়, ভাবুকি, হিংসা আদি কৰি আহিছে সেইসমূহে সাধাৰণ ৰাইজৰ মনতো চৰকাৰখনৰ প্ৰতি সন্দেহ ভাৱ সৃষ্টি কৰিছে। কংগ্ৰেছ দলৰ লগত অখিল গগৈৰ বিগত সময়ছোৱাত বহুবাৰ সংঘাত হৈছে। কিন্তু সেই সময়ৰ কংগ্ৰেছ চৰকাৰখনে কেতিয়াও ৰাষ্ট্ৰীয় সুৰক্ষাৰ নিচিনা আইনৰ অধীনত অখিল গগৈক আটক কৰাৰ কথা চিন্তা কৰা নাছিল৷ কাৰণ কংগ্ৰেছে গণতন্ত্ৰক বিশ্বাস কৰে আৰু গণতন্ত্ৰত প্ৰতিজন নাগৰিকৰ মাত মতাৰ অধিকাৰ আছে, যি বক্তব্য চৰকাৰী বক্তব্যৰ বিপৰীতো হ’ব পাৰে। বৰ্তমান কেন্দ্র আৰু ৰাজ্যৰ শাসনাধীস্থ বিজেপি চৰকাৰখনে যেনে ধৰণৰ মানসিকতা বিগত সময়ছোৱাত দেখুৱাইছে, ই এটা অসুস্থ পৰম্পৰাৰ দিশলৈহে আমাক লৈ গৈছে। বৰ্তমানে হিন্দুত্ববাদৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ বিজেপি দলে যিকোনো ক্ষেত্ৰতে যিসকল ব্যক্তিয়ে তেওঁলোকৰ সিদ্ধান্তৰ যুক্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি মন্তব্য কৰিছে, সেই মন্তব্যসমূহ নিজৰ পক্ষত একপক্ষীয়ভাৱে বিচাৰ কৰাটো কেতিয়াও সুস্থ গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকৃততে অসমৰ জনসাধাৰণক লগত লৈ ৰাজ্য উন্নয়নৰ বাবে চৰকাৰ চলাই নিব বিচাৰে তেনেহ’লে তেওঁ সৰ্বভাৰতীয় দলীয় নীতিৰ উৰ্দ্ধত থাকিব লাগিব। শইকীয়াই লগতে কয় যে, চৰকাৰে বৰ্তমানে অখিল গগৈৰ সম্পৰ্কত গ্ৰহণ কৰা কঠোৰ স্থিতি পুনৰ বিবেচনা কৰিব লাগে আৰু গগৈক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি কাৰাগাৰত নিক্ষেপ কৰা গোচৰসমূহ অন্যান্য ধাৰাৰ অধীনত নিয়মীয়া ভাৱে চলাব লাগে। শইকীয়াই লগতে কয় যে, বৰ্তমান সময়ত অখিল গগৈক গ্ৰেপ্তাৰ কৰি বিজেপি চৰকাৰখনে অসমীয়া সমাজ তথ্য অসমবাসীৰ হৈ মাত মাতিব বিচৰা লোকসকলক কঠোৰ হাতেৰে দমন কৰাৰ মনোবৃত্তি প্ৰদৰ্শন কৰিছে। শইকীয়াই অখিল গগৈৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে সকলোৱে প্ৰতিবাদ কৰিবলৈ এক প্ৰেছ বিবৃতিৰ জৰিয়তে আহ্বান জনাইছে।