গুৱাহাটী, সংবাদ ৩৬৫, ২৪ মে’ : ১৪ টা সমষ্টিৰ ভিতৰত ৯ খন আসনতে শাসনাধিষ্ঠ দলে বিজয় সাব্যস্ত কৰাৰ পাছত নেডাৰ আহ্বায়ক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নগাঁওৰ ফলাফলক লৈ সংবাদ মাধ্যমৰ আগত মন্তব্য “নগাঁওৰ ১০ খন আসনৰ ভিতৰত ৮ খনতে আমি পাবলৈ সক্ষম হৈছো। কংগ্ৰেছে মাত্ৰ ২ খনহে আসন পাবলৈ সক্ষম হৈছে। বিধান সভাৰ পৰিপ্ৰেক্ষিতত নগাঁওৰ বিজয়ৰ কোনো মূল্য নাথাকে । নগাঁওৰ ফলাফলে অসমৰ দুৰ্গামি ৰাজনীতিত কোনো প্ৰভাৱ নেপেলায় ।”

সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে আৰু কয় “ভাৰতীয় মানুহে শিল-দল ভাঙি ভোট দিলে। এনেকৈ ভোট দি থাকিলে বিধানসভাৰ জনগাঁথনি পৰিৱৰ্তন নহয়। বিধানসভা বা অসম চৰকাৰ সদায় আমাৰ ভাৰতীয় আৰু অসমীয়া মানুহৰ মাজত থাকিব।”

ইফালে ২১ চনৰ বিধান সভাৰ বাবে সাজু হব লাগিব বুলি কৈ শৰ্মাই কয় ” মোদী ডাঙৰীয়াৰ বিজয়ে ২১ত আমাক সহায় কৰিব। তেখেতৰ অসমৰ প্ৰতি বিশেষ দৃষ্টি থাকিব আৰু তাৰ লগে লগে ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰিব লাগিব। আমি যদি ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰিব নোৱাৰো লোকসভাত জিকিলোঁ বুলি বিধানসভাত জিকিব নোৱাৰো। গতিকে ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাক আমি আৰু অধিক তৰান্বিত কৰিব লাগিব, ৰাইজৰ কাৰণে দিনে-নিশাই কাম কৰিব লাগিব। তেতিয়া আমি ২১ চনত বিজেপি দলে বিজয়ী হব পাৰিম।”