নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৪ মে’ : সমগ্ৰ দেশৰ লগতে অসমতো বিজেপিয়ে বিজয়ধ্বজা উৰুৱাইছে । ১৪ টা সমষ্টিৰ ভিতৰত বিজিপিয়ে মুঠ ৯ খন আসন পাবলৈ সক্ষম হ’ল। ইয়াৰ বিপৰীতে

কংগ্ৰেছে ৩ খন , এআইডিইউএফে ১ খন আৰু অন্যান্যই ১ খন পাবলৈ সক্ষম হল। শোচনীয় ভাৱে পৰাজিত হল বিজেপিৰ লগত মিত্ৰজোঁটত বান্ধ খোৱা অগপ।

তুমুল নিৰ্বাচনী যুদ্ধৰ অন্তত কলিয়াবৰত শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ল গৌৰৱ গগৈয়ে । ২০৬৪৫৮টা ভোটৰ ব্যৱধানত গৌৰৱ গগৈৰ জয়। গৌৰৱ গগৈয়ে মুঠ ভোট লাভ কৰিছে ৭৭৬৭৭১টা। ইয়াৰ বিপৰীতে অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই লাভ কৰিছে ৫৭০৩১৩ টা ভোট ।

নগাঁৱত শেষ হাঁহি মাৰিলে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে । ৩০হাজাৰ ভোটৰ ব্যৱধানত বৰদলৈয়ে পৰাস্ত কৰিলে বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাক। উল্লেখ্য যে সুদীর্ঘ প্রায় ২০ বছৰৰ মূৰত নগাঁও লোকসভা সমষ্টি কংগ্ৰেছ দলৰ হাতত আনিবলৈ সক্ষম হৈছে।

ডিব্ৰুগড়ত ৩,৬৪,৫৬৬টা ভোটৰ ব্যৱধানত জয়ী বিজেপিৰ ৰামেশ্বৰ তেলী। ৰামেশ্বৰ তেলীয়ে মুঠ ৬,৫৯,৫৮৩ টা ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছৰ পৱন সিং ঘটোৱাৰে ২,৯৫,০১৭ টা ভোট পাবলৈ সক্ষম হল।

যোৰহাটত জয়লাভ সোণাৰি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী তপন কুমাৰ গগৈৰ । কংগ্ৰেছৰ সুশান্ত বৰগোহাঁইক বিপুল ভোটৰ ব্যৱধানত পৰাজিত কৰি জয়লাভ কৰে তপন গগৈয়ে। তপন গগৈয়ে লাভ কৰে মুঠ ৫,৩৯,৪৬৮ টা ভোট আৰু সুশান্ত বৰগোঁহাইয়ে লাভ কৰে ৪,৫৭,৩৬৫ টা ভোট।

লখিমপুৰত ৩,৪৬,৪৬০টা ভোটৰ ব্যৱধানত জয়ী বিজেপিৰ প্ৰদান বৰুৱা। প্ৰদান বৰুৱাই লাভ কৰা ৭,৬৯,০৯৯ টা ভোটৰ বিপৰীতে কংগ্ৰেছৰ অনিল বুঢ়াগোহাঁইয়ে লাভ কৰে ৪,২৩,২৮৯ টা ভোট।

গুৱাহাটীত ৩,৪৫,১৫৮টা ভোটৰ ব্যৱধানত জয়ী বিজেপিৰ কুইন ওজা। কুইন ওজাই লাভ কৰে মুঠ ৯,৪৫,২৫৬ টা ভোট। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ ববিতা শৰ্মাই লাভ কৰে মুঠ ৬,১৬,২২৫ টা ভোট।

ডিফুত ২,৩৯,৩৮৯টা ভোটৰ ব্যৱধানত জয়ী বিজেপিৰ হৰেনসিং বেই। হৰেনসিং বেই লাভ কৰে মুঠ ৩,৭৪,৪৪১টা ভোট আৰু কংগ্ৰেছৰ বীৰেন সিং লাভ কৰে মুঠ ১,৩৬,৫৮২টা ভোট।

বৃহৎ সংখ্যক ভোটেৰে কংগ্ৰেছৰ এমজিভিকে ভানুক পৰাস্ত কৰি তেজপুৰত জয়লাভ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ। পল্লৱ লোচন দাসে লাভ কৰে মুঠ ৬,৬১,৬৬১ টা ভোট আৰু কংগ্ৰেছৰ ভানুৱে লাভ কৰে মুঠ ৪,১৬,৫৫৮টা ভোট।

বৰপেটাত ১,২২,৪১৭টা ভোটৰ ব্যৱধানত জয়ী কংগ্ৰেছৰ আব্দুল খালেক।

মঙলদৈত ১,৩০,৩৯৯টা ভোটৰ ব্যৱধানত জয়ী বিজেপিৰ দিলীপ শইকীয়া।

শিলচৰত ৮১,৫৯৬টা ভোটৰ ব্যৱধানত জয়ী বিজেপিৰ ৰাজদ্বীপ ৰয়। ৰাজদ্বীপ ৰয়ে লাভ কৰে মুঠ ৪,৯৬,২৩৫ আৰু কংগ্ৰেছৰ সুস্মিতা লাভ কৰে মুঠ ৪,১৬,২৩৩ টা ভোট।

কৰিমগঞ্জত ৩৮,৩৮৯ ভোটৰ ব্যৱধানত জয়ী বিজেপিৰ কৃপানাথ মাল্লা। মাল্লাই ৪,৭৩,০৪৬ টা ভোটৰ বিপৰীতে এ আই ইউ ডি এফৰ ৰাধেশ্যাম বিশ্বাসে লাভ কৰে ৪,৩৪,৬৫৭ টা ভোট।

মুঠ ৬৬৪৩৬৭ ভোট জয়লাভ মৌলানা বদৰুদ্দিন আজমলৰ ধুবুৰী লোকসভা সমষ্টিৰ বৃহৎ জয়। আনহাতে , আজমলৰ বিৰুদ্ধে যুঁজ দিয়া শুকুৰ আলীয়ে লাভ কৰে মাত্ৰ ৬৯৫৩ ভোট।

ইফালে কোকৰাঝাৰত বিজয় সাব্যস্ত নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়া। ৩৮,৫৩৩টা ভোটৰ ব্যৱধানত জয়ী নিৰ্দলীয় নৱ কুমাৰ শৰণীয়া।