গুৱাহাটী, সংবাদ ৩৬৫ , ২২ মাৰ্চ : আগন্তক লোকসভা নিৰ্বাচনত অসমবাসী ৰাইজক ৭০টা সংগঠনৰ আহ্বান বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটত ভোটদান নকৰাৰ।

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত জন্মলাভ কৰা ৭০টা সংগঠনে এক আলোচনাত মিলিত হৈ এইবাৰ লোকসভা নিৰ্বাচনত বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটক বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আলোচনাৰ অন্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে এক সংবাদমেল অনুষ্ঠিত কৰি কয় যে লোকসভা নিৰ্বাচনত অসমবাসীয়ে বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটক পৰাভূত কৰিব লাগিব কাৰণ বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি অসমত থকা ২০ লাখ হিন্দু বাংলাদেশীক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰাৰ লগতে বাংলাদেশত থকা ১.৭০ লাখ বাংলাদেশীক ভাৰতলৈ অহাৰ পথ মুকলি কৰি দিব । সেইবোৰ অসমবাসীক লোকসভা নিৰ্বাচনত পৰাভূত কৰিবলৈ ৭০টা সংগঠনৰ হৈ অখিল গগৈয়ে আহ্বান জনায়।

গগৈয়ে লগতে বিজেপিৰ মিত্ৰজোঁটৰ লগতে বদৰুদ্দিন আজমলৰ ৰাজনৈতিক দল এ আই ইউ ডি এফক সাম্প্ৰদায়িক দল হিচাপে পৰাভূত কৰিবলৈও সংবাদ মাধ্যমৰ আগত আহ্বান জনায়।