বজালী, সংবাদ ৩৬৫, ২৩ মাৰ্চ : সততে দম্ভ অহংকাৰ কৰি ফুৰা প্ৰবল প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগে পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰৰ কোনো এজন নেতাই ঢুকি নোপোৱা এটি অঞ্চল নিত্যানন্দৰ কেওটপাৰা । পখিলা খেদি ফুৰা বয়সতে কণমাণি এটি দেৱশিশু সম্প্ৰতি হুইল চেয়াৰত মৃত্যুৰে সৈতে যুঁজি আছে।

কণমানিটোৰ নাম হৃষিকেশ কলিতা । বয়স ৬ বছৰ। বজালী মহকুমাৰ অন্তৰ্ভুক্ত নিত্যানন্দৰ কেঁওটপাৰা গাঁৱৰ নিবাসী অনুপম কলিতাৰ পুত্ৰ হৃষিকেশ কলিতা আক্ৰান্ত হৈছে এক জটিল ৰোগত।ঘৰে ঘৰে দিন হাজিৰা কৰি কোনোমতে পেট পুহি জীৱন নিৰ্বাহ কৰি আছে এই পৰিয়ালটি। যাৰ বাবে থমকিবলগীয়া হৈছে পিতৃ মাতৃ।

আজি ৬ বছৰে কোনো জন প্ৰতিনিধিয়ে পৰিয়ালটোৰ ওপৰত চকু নিদিয়াত আক্ষেপ প্ৰকাশ কৰিছে পাঠশালা জুবিন গাৰ্গ ফেন ক্লাৱৰ সাধৰণ সম্পাদক মৃন্ময় পাঠকে। নিৰ্বাচনৰ প্ৰতিশ্ৰুতি দিয়া পাটাছাৰকুছি সমষ্টিৰ এই দৰিদ্ৰ পৰিয়ালটোৰ ওপৰত চকু পৰিবনে চৰকাৰৰ? ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগে ঢুকি পাব নে এই পৰিয়ালটোক? এতিয়া ইয়াকে লৈ প্ৰশ্ন উদ্ভৱ হৈছে সাধাৰণ জনতাৰ। এই সময়তে হৃষিকেশৰ পৰিয়ালৰ স্বাস্থ্যৰ বুজ লয় পাঠশালা জুবিন গাৰ্গ ফেন ক্লাৱৰ লগতে স্থানীয় সাংবাদিক সকলে।

পাঠশালা জুবিন গাৰ্গ ফেন ক্লাৱৰ উপ সভাপতি শ্বান কাশ্যপে পাঠশালা জুবিন গাৰ্গ ফেন ক্লাৱৰ পৰা যথাযথ সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে সমূহ দল সংগঠনৰ লগতে চৰকাৰক সহায় কৰাৰ বাবে কাতৰ আহ্বান জনাই। ইয়াৰোপৰি পৰিয়ালৰ লোকে কানাড়া বেংকৰ একাউন্ট নম্বৰ ১৭৫৬১০১০০৯৭৩৭ ত সহায়ৰ বাবে অনুৰোধ জনোৱাৰ লগতে ৭০৮৬৭৮২৭৫১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়।