মিৰ্জা, সংবাদ ৩৬৫, ১২ অক্টোবৰ: সমাগত পোহৰৰ উৎসৱ দিপাৱালী । এই পোহৰৰ উৎসৱ দিপাৱালীক লৈ ব্যৱসায়ী সকলৰ মাজত ব্যাপক ব্যস্ততা । কিন্তু ইয়াৰ মাজতেই একাংশ অসাধু ব্যৱসায়ীয়ে আৰক্ষীক মেনেজ কৰি দিন-দুপৰতে চলাই আহিছে আতচবাজীৰ অবৈধ বেহা । দক্ষিণ কামৰূপৰ ব্যৱসায়িক হৃদপিণ্ডস্বৰূপ বিজয়নগৰ এতিয়া হৈ পৰিছে অবৈধ ব্যৱসায়ৰ মুল ঘাটি । একাংশ অসাধু আতচবাজী ব্যৱসায়ীয়ে স্থানীয় আৰক্ষীক মেনেজ কৰি বিজয়নগৰৰ গোপন স্থানত নীতি বৰ্হিভূতভাৱে আতচবাজী মজুত ৰাখি চলাই আহিছে ৰমৰমীয়া বেয়া । সেয়ে ঐক্য সেনা অসমৰ এক গোপন অভিযানত বৃহস্পতিবাৰে নিশা জব্দ কৰা হয় এখন আতচবাজী ভৰ্তি গাড়ী। এ এছ-০১- এফ চি- ৭৮৬১ নম্বৰৰ আতচবাজী ভৰ্তি গাড়ীখন পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তথা বিজয়নগৰ আৰক্ষী চকীৰ এলেকাৰ ভাগৱতীপাৰাৰ পৰা গুৱাহাটী অভিমুখি হৈ লৈ গৈ থকা অৱস্থাত ছাত্ৰ ঐক্য সেনাই বিজয়নগৰৰ উপৰহালীত গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয়। প্ৰায় এক লক্ষাধিক মুল্যৰ উক্ত আতচবাজীভৰ্তি গাড়ীখন জব্দ কৰাৰ পিছত সংগঠনটোৱে স্থানীয় আৰক্ষীক খবৰ দিয়াত বিজয়নগৰ আৰক্ষী আৰু পলাশবাৰী নগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰহস্যজনক ভাৱে উক্ত গাড়ী খন যাবলৈ দিয়ে । এই ক্ষেত্ৰত ছাত্ৰ ঐক্য সেনা আৰু আৰক্ষীৰ মাজত কিছু বাক-বিতণ্ডাৰ সৃষ্টি হয় । ছাত্ৰ ঐক্য সেনাৰ অভিযোগ যে বিভাগীয় কোনো নথি-পত্ৰ নোহোৱাকৈ বিজয়নগৰৰ ভাগৱতী পাৰাৰ পৰা অতি গোপনে গুৱাহাটী অভিমুখে আতচবাজীখিনি লৈ গৈ আছিল ।