সোণতলী, ১ অক্টোবৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰশংসা পত্ৰৰ অধিকাৰী এগৰাকী প্ৰাক্তন সেনা বিষয়াক বিদেশী বুলি সন্দেহ কৰি বিতৰ্কত সোমাই পৰিছে অসম আৰক্ষীৰ কামৰূপ জিলা আৰক্ষী প্ৰধান (অধীক্ষক) তথা আই পি এচ বিষয়া পাৰ্থ সাৰথি মহন্ত। জিলা আৰক্ষী অধীক্ষকৰ এনে নাভূত নাশ্ৰুত কাণ্ডই সচকিত কৰি তুলিছে বকো আৰু ছয়গাঁও সমষ্টিৰ সংখ্যালঘু সম্প্ৰদায়ৰ সৰ্বসাধাৰণ জনতাক৷ বিষয়টোকলৈ ব্যাপক গুঞ্জন চলিছে সমষ্টি দুটাত৷ ভাৰতীয় সেনা বাহিনীত ৩০ বছৰ সেৱা আগবঢ়াই শত্ৰু পক্ষৰ পৰা দেশ তথা ভূ-খণ্ডক ৰক্ষা কৰাৰ বাবে প্ৰহৰী ৰূপে কাম কৰি অৱশেষত বিদেশী বুলি অপমান সহিব লগা হৈছে ভাৰতীয় সেনা বিষয়া আজমল হকে। প্ৰাপ্ত তথ্য মতে, কামৰূপৰ বকো থানাৰ অন্তৰ্গত ছয়গাঁৱৰ কলহীকাষৰ বাসিন্দা তথা ভাৰতীয় সেনাবাহিনীৰ বিষয়া আজমল হকৰ বিৰুদ্ধে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তই সন্দেহজনক নাগৰিকৰ জাননী জাৰি কৰি বিশেষ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে। সেনাবাহিনীত ৩০ বছৰ চাকৰি কৰি ২০১৬ চনৰ ছেপ্টেম্বৰত জুনিয়ৰ কমিছনাৰ হিচাপে অৱসৰ গ্ৰহণ কৰা আজমল হকক সন্দেহযুক্ত নাগৰিকৰ জাননী প্ৰেৰণ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজমল হকে নিষ্ঠাৰে কৰ্তব্য পালন কৰাৰ বাবে তদানীন্তন ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামে  প্ৰশংসা পত্ৰ দিছিল। আজমল হকে পুত্ৰয়ো বৰ্তমান সেনা বাহিনীত চাকৰি কৰি আছে৷ ১৯৫১ চনৰ এনআৰচিতো হকৰ পিতৃৰ নাম উল্লেখ আছে৷ ইয়াৰ পূৰ্বে ২০১২ চনত আজমল হকৰ পত্নীলৈও প্ৰেৰণ কৰা হৈছিল সন্দেহযুক্ত নাগৰিকৰ জাননী। আদালতত তথ্য দাখিল কৰাৰ পিছত এতিয়ালৈ অভিযোগ মুক্ত হোৱা নাই হকৰ পত্নী। সন্দেহযুক্ত নাগৰিকৰ নামত পৰিয়ালৰ ওপৰত কৰা হাৰাশাস্তিক লৈ কামৰূপ জিলা আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে প্ৰাক্তন সেনা বিষয়া আজমল হক। আজমল হকে অসম আৰক্ষীক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কামৰূপ জিলা আৰক্ষী অধীক্ষকলৈ মুকলি প্ৰত্যাহ্বান জনাই ১৩ অক্টোবৰত যাৱতীয় নথি-পত্ৰ লৈ বিশেষ আদালতত হাজিৰ হৈ নিজকে অসমৰ খিলঞ্জীয়া বুলি প্ৰমাণ কৰাৰ পিছত আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব বুলি উল্লেখ কৰে।