গোৱালপাৰা/অভয়াপুৰী, ৩০ ছেপ্টেম্বৰঃ অসমৰ সমীপৱৰ্তী পাহাৰীয়া ৰাজ্য মেঘালয়াত বিগত কেবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নামনি অসমৰ গোৱালপাৰা জিলাৰ কেবাখনো গাওঁ জলমগ্ন হৈছে। মেঘালয়ৰ পাহাৰ পৰা নামি অহা বৰষুণৰ পানীয়ে গোৱালপাৰাৰ বলবলত কেবাখনো গাঁৱত কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিছে। কৃত্ৰিম বানপানীৰ ফলত গোৱালপাৰাৰ বলবলৰ স্থানীয় বাসীন্দায়ে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আশ্ৰয় ল’বলৈ বাধ্য হৈছে। গোৱালপাৰাৰ তুৰা আৰু কৃষ্ণই সংযোগী পথটোও মেঘালয়ৰ পৰা নামি পানীয়ে বুৰাই পেলাইছে।চলিত বছৰত দুটাকৈ প্ৰলয়কাৰী বানপানীয়ে ৰাজ্যবাসীক জুৰুলা কৰাৰ পিছত এইবাৰ মেঘালয়ৰ পৰা নামি অহা পানীয়ে নামনি অসমত ত্ৰাসৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১৪ত মেঘালয়ৰ পৰা নামি অহা পানীয়ে গোৱালপাৰাত ব্যাপক ক্ষতি কৰিছিল। আনহাতে, কলগাছিয়াৰ অভয়াপুৰীতো ৩৬ঘন্টা ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ৪টাকৈ ৱাৰ্ড কৃত্ৰিম বানপানীৰ কৱলত পৰিছে।অভয়াপুৰীত পানী ওলোৱা পথ ৰুদ্ধ কৰি অপৰিকল্পিত ভাবে ঘৰ নিৰ্মাণ কৰাৰ লগতে চহৰখনৰ পানী নিৰ্গমনৰ একমাত্র নৈৰ সুঁতিত অবৈধ বেদখল আৰু পানী নিৰ্গমনৰ বিজ্ঞানসন্মত নলাৰ ব্যৱস্থা নকৰাত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাৰ বুলি স্থানীয় লোকে অভিযোগ কৰিছে।