নলবাৰী, সংবাদ ৩৬৫, ১৯ অক্টোবৰ: বৰ অসমত সম্প্ৰীতিৰ এনাজৰীডাল আজিও কটকটীয়া হৈ আছে৷ সমাজবিৰোধী চক্ৰই অসমীয়া সমাজখনক হিন্দু-মুছলমানৰ নামত ভাগ ভাগ কৰিব খুজিলেও অসমীয়া জাতিক ভাগ ভাগ কৰিব পৰা নাযাব৷ বিভিন্ন সময়ত ৰাজ্যৰ বিভিন্ন প্ৰগতিশীল দল-সংগঠনে এই বাৰ্তাকে দি আহিছে৷ সময়ে সময়ে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সমাজখনক ভাতৃত্ববোধৰ বাৰ্তাৰে মহামণ্ডিত কৰে৷ প্ৰতি বছৰে নলবাৰী জিলাৰ বিল্বেশ্বৰস্থিত ঐতিহ্যমণ্ডিত দুৰ্গা পূজাত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে দুৰ্গা দেৱীৰ ভক্তৰ মাজত বিশুদ্ধ পানী বিতৰণ কৰি তেনেই এক বাৰ্তা প্ৰদান কৰাৰ বাবে চেষ্টা চলাই আহিছে৷ ঐক্য, সংহতি আৰু ভাতৃত্ববোধৰ বাৰ্তাৰে অইন বেলিৰ দৰে এইবেলিও নৱমীৰ দিনটোত প্ৰায় সাত হাজাৰ বটল বিশুদ্ধ খোৱাপানী দুৰ্গা দেৱীৰ ভক্তৰ মাজত বিতৰণ কৰো৷ নৱমীৰ দিনটোত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতি আৰু নলবাৰী জিলা সমিতিয়ে গুৱাহাটীৰ পৰা গাড়ীৰে পানীৰ বটল সমূহ কঢ়িয়াই নিয়ে৷ ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ দেৱালয়ত অস্থায়ী সেৱা কেন্দ্ৰত পুৱা প্ৰায় ১১ বজাৰ পৰা দিনৰ তিনি বজালৈ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকী নেতা, নলবাৰী জিলা সমিতি আৰু বেলশৰ আঞ্চলিক সমিতিৰ নেতা-কৰ্মীয়ে বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা ভক্তৰ মাজত বিশুদ্ধ খোৱাপানী বিতৰণ কৰে। পানী বিতৰণ অনুষ্ঠানত প্ৰাক্তন আছু নেতা তথা সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি নুৰুল হ’ক, কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক চহিদ আলী আহমেদ, গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি ৰাজীৱ চৌধুৰী, নলবাৰী জিলা সমিতিৰ কাৰ্যকৰী সভাপতি মেৰাজুল হ’ক, প্ৰাক্তন আছু নেতা দিলীপ বৰ্মন আদি উপস্থিত থাকে। এক বিবৃতি যোগে সংগঠনটোৱে কয় যে শংকৰ-আজানৰ এই দেশত কাহানিও সাম্প্ৰদায়ীকতাৰ স্থান নাছিল৷ বহু সময়ত বিভিন্ন কাৰকে ইটো জাতি-জনগোষ্ঠীৰ বিৰুদ্ধে সিটো জাতি-জনগোষ্ঠীৰ মাজত যুঁজ লগাব বিছাৰে যদিও ঐক্য, শান্তি আৰু সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া হৈ থকাৰ বাবে লেতেৰা ৰাজনীতি কৰা লোকসকল সফল হ’ব নোৱাৰে৷ তাৰ মাজতে বিহু, ঈদ, পূজাৰ দৰে উৎসৱ সমূহে আমাক বেছি ওচৰলৈ লৈ আহে বুলি আমি অনুভৱ কৰো৷ ইয়াৰ জড়িয়তে ভাতৃত্ববোধ অধিক টনকীয়াল হয়৷ আনহাতে স্থানীয় প্ৰশাসনে পানী বিতৰণ অনুষ্ঠানত যথেষ্ট সহায় কৰাত নলবাৰী জিলা প্ৰশাসনক সংগঠনটোৱে ধন্যবাদ যাচে৷