জোনমণি বেগম

বিশ্বনাথ

২৮ জুন

সমগ্ৰ দেশৰ লগতে অসমতো শিশুৰ বাবে ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে মাৰাত্মক ক’ভিডে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিশুৰ ক্ষেত্ৰত দ্ৰুত গতিত ক’ভিডৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে ৰাজ্যত বহু ক’ভিড আক্রান্ত শিশু চিকিৎসাধীন হৈ থকাৰ লগতে কেইবাটাও শিশু মৃত্যুৰ মুখত পৰিছে।

বিগত কেইবামাহ ধৰি ক’ভিডৰ দ্বিতীয়টো ঢৌ সমগ্ৰ দেশতে সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছত বৰ্তমান ক’ভিডৰ শক্তি কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। ক’ভিড সংক্ৰমণৰ হাৰ দেশত নিয়ন্ত্ৰণলৈ আহিছে যদিও বৰ্তমান শিশু সকলৰ বাবে এই ভাইৰাছ ভয়াবহ হৈ উঠিছে। অসমৰ বিভিন্ন প্ৰান্তত বহু শিশু ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ থাকৰ লগতে প্ৰতিদিনে নতুনকৈ আক্রান্ত শিশুৰ সংখ্যা বৃদ্ধি পাই আছে।

বিশ্বনাথ জিলটো ক’ভিডে শিশুৰ ক্ষেত্ৰত ভয়াবহ ৰূপ ধাৰণ কৰিছে। বিশ্বনাথ ঘাটৰ নতুন গাঁৱত ৬ টিকৈ শিশুৰ দেহত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি।বিশ্বনাথ ঘাট গাঁও পঞ্চায়তৰ অধিনত নতুন গাঁৱত জিলা স্বাস্থ্য বিভাগৰ ক’ভিড টেষ্টত ৬ টিকৈ শিশুৰ দেহত ক’ভিডৰ অবস্থিতি ধৰা পৰে। ক’ভিড আক্রান্ত এই শিশু কেইটাৰ ভিতৰত আছে এটি ১০ মহীয়া দেৱশিশু, ৫ বছৰীয়া দুটি, ৯ বছৰীয়া এটি, ১০ বছৰীয়া এটি আৰু ১১ বছৰীয়া এটি শিশু।

বিগত এসপ্তাহ ধৰি এই গাঁও পঞ্চায়তখনত জিলা স্বাস্থ্য বিভাগে ক’ভিড টেষ্ট অভিযান চলাই আছে। স্বাস্থ্য বিভাগৰ এই ক’ভিড টেষ্ট অভিযানৰ সময়ছোৱাত গাঁও পঞ্চায়তখনত মুঠ ৭৮ গৰাকী লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অবস্থিতি। ইফালে ডিব্ৰুগড়ৰৰ অসম চিকিৎসা মহাবিদ্যালয়ত দেওবাৰে এটি ১১ মহীয়া শিশু ক’ভিডত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰে। জিলাখত বিগত এমাহত ৫ টিকৈ শিশুৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু ঘটিছে।