গুৱাহাটী, সংবাদ ৩৬৫, ৯ এপ্ৰিল : সংবাদ মাধ্যমৰ আগত বিশ্ব নাথৰ ঘটনাৰ সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে কয় যে ইয়াৰ পূৰ্বতে উত্তৰ প্ৰদেশত এনেধৰণৰ ঘটনা হোৱাৰ কথা শুনিছিলোঁ। কিন্তু দুর্ভাগ্যবশত এইখন অসমতে এনেধৰণৰ সাম্প্ৰদায়িক ঘটনা সংঘটিত হল। যিসকলে এই ঘটনা সংঘটিত কৰিছে তেওঁলোকে ভুল ভাৱে এই কাম কৰিছে আৰু তেওঁলোকে ৰাজহুৱাকৈ এই ঘটনাৰ ক্ষমা বিচৰা উচিত বুলি দাবী কৰে অখিল গগৈয়ে।

চৰকাৰে এই ঘটনাৰ তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিবৰ বাবে দাবী উত্থাপন কৰে গগৈয়ে লগতে অসম চৰকাৰ যদি ইয়াত জড়িত নাই তেতিয়া হলে এই ঘটনাৰ ব্যৱস্থা অতি তাৎক্ষণিকভাৱে লবলৈ দাবী উত্থাপন কৰে।

অসম আৰক্ষীৰ ভূমিকা আৰ এছ এছ সুৰক্ষা বাহিনীৰ নিচিনা। অসম আৰক্ষীৰ ডি জি পি নিজেই এজন দুর্বল মানুহ । অসম আৰক্ষীয়ে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক ঘটনা সংঘটিত হোৱাৰ পাছতো তেওঁলোকে কঠোৰ ব্যৱস্থা লবলৈ সক্ষম হোৱা নাই। সেয়ে অসম আৰক্ষীক কঠোৰ ভাবে ব্যৱস্থা লবলৈ আহ্বান জনায় লগতে ভৱিষ্যতে যাতে অসমত এনেধৰণৰ সাম্প্ৰদায়িক আৰু দুৰ্ভাগ্যজনক ঘটনা সংঘটিত নহয় তাৰবাবে অসমবাসীৰ ওচৰত প্রার্থনা জনাই।

আনহাতে, অসম গণ পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰত কেৱ সন্দৰ্ভত তেওঁলোকৰ স্থিতি একেই থাকিব বুলি কোৱাৰ সন্দৰ্ভত কয় যে বিজেপিৰ লগত তেওঁলোক ঐক্যবদ্ধ হৈছে , ঐক্যবদ্ধ ভাৱে নিৰ্বাচন খেলিছে আৰু বিজিপিয়ে নিজেই ঘোষণা কৰিছে যে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব। যি বিজেপি দলে চৰকাৰ গঠন কৰিব পৰা ক্ষমতা থাকিব পাৰে, অসম গণ পৰিষদ দলৰ এজন বা দুজনহে সাংসদ থাকিব পাৰে,তাত অসম গণ পৰিষদ দলৰ কোনো ধৰণৰ অধিকাৰেই নাথাকিব। সেইকাৰণে অসম গণ পৰিষদ দলে বিজেপিৰ লগত গৈ কেৱৰ সন্দৰ্ভত একে স্থিতিতে থকাৰ কথাটো অসমবাসীৰ বাবে এটা অপমান,ভণ্ডামি। সেইকাৰণে অসম গণ পৰিষদ দলক বিজেপি মিত্ৰজোঁটৰ পৰা ওলাই আহিবৰ বাবে আহ্বান জনায়।