গুৱাহাটী, সংবাদ ৩৬৫, ৯ এপ্ৰিল : সোমবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় ইস্তাহাৰত কেৱ পুনৰ আনিম বুলি কোৱাৰ প্ৰসংগত ৭০ সংগঠনৰ সংবাদমেল

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাইয়ে সংবাদ মেলত কয় যে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত ওলোটা খৰ মাৰিছে। দাবীসমূহত গুৰুত্ব দিয়া নাই ইস্তাহাৰত। নাগৰিকত্ব সংশোধনী গৃহীত কৰাৰ কথাটো কোনোপধ্যেই মানি নলও। সেয়েহে নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোঁটৰ বিপক্ষে অসমৰ ৰাইজে ভোটদান কৰিব লাগে।

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটো ইস্তাহাৰত উল্লেখ নথকাটো অতিকৈ দুৰ্ভাগ্যজনক। আমি আদৰ্শগত কাৰণত বিজেপিক সমৰ্থন কৰিব নোৱাৰোঁ । সেইকাৰণে অসমৰ জনসাধাৰণক বিজেপিৰ দল আৰু সেই দলৰ লগত মিত্ৰতা কৰা দল ,দলসমূহৰ বিপক্ষে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে আহ্বান জনাইছোঁ ।

অসম আন্দোলনৰ সময়ত ৮৫৫ জন শ্বহীদ হল সেই কথা আমি সকলোৱে স্বীকাৰ কৰোঁ । সেইসময়ত কংগ্ৰেছ দল আছিল , আমি কংগ্ৰেছ দলকো সমৰ্থন নকৰোঁ । কিন্তু দহ হাজাৰ যুৱক-যুৱতী অসমৰ আলফাৰ আন্দোলনতো শ্বহীদ হ’ল ,এই ঘটনা কিন্তু পাহৰি পেলালে নহব । গতিকে আমি ৰাইজলৈ আহ্বান জনাইছো এই জাতীয় জীৱনৰ সন্ধিক্ষণত ৰাইজে দায়িত্ব লব লাগিব কোন দলক ভোটাধিকাৰ সাব্যস্ত কৰিলে আমাৰ অসমীয়া মানুহৰ অস্তিত্ব ৰক্ষা কৰিব পাৰে ।

আনহাতে, অখিল গগৈয়ে উক্ত সংবাদমেলত কয় যে ৰাইজক মোদী চৰকাৰ লাগে নে অসমীয়া জাতি লাগে । বৰ্তমান বিজেপিয়ে অসমত এটা হাৱা আনিছে মোদী চৰকাৰ ,মোদী চৰকাৰ, মোদী চৰকাৰ । ৰাইজক মোদী চৰকাৰ লাগে নে অসমীয়া জাতি লাগে , ৰাইজক এজন একক কেন্দ্ৰীক শাসক লাগে নে অসমীয়া জাতিটোক বচাবলৈ ব্যৱস্থা লাগে । তেওঁ সংবাদমেলত সততে আক্ৰমণ কৰি থকা সংবাদ মাধ্যম নিউজ লাইভৰ নামো উল্লেখ কৰে যিয়ে বিজেপি দলে যি প্ৰচাৰ কৰিছে মোদী চৰকাৰ মোদী চৰকাৰ আনিব লাগে বুলি প্ৰচাৰ কৰিছে ।

গগৈয়ে আৰু কয় যে আপোনালোকে সিদ্ধান্ত লওক যে মোদীক ভোট দিলে অসমীয়া জাতি বাচিবনে? নাগপুৰ আৰু দিল্লীত আমি নতশিৰ হৈ অসমীয়া জাতিক বচাব পাৰিম নে , নোৱাৰোঁ । আমি অসমীয়া জাতি যদি বাচিবলগীয়া হয় তেনেহলে আমি নাগৰিকত্ব সংশোধনী বিধেয়ক যিকোনো প্ৰকাৰে প্ৰতিৰোধ কৰিব লাগিব ।

এক কোটি নব্বৈ লাখ হিন্দু বাংলাদেশী যদি অসমলৈ আহে , তেতিয়া কোনো পধ্যেই অসমীয়া জাতি নাবাচে আৰু সেইকাৰণে আমি ৭০ টা সংগঠনৰ তৰফৰ পৰা স্পষ্ট ভাষাৰে কৈছোঁ যে ২০১৯ ৰ লোকসভা নিৰ্বাচনত বিজেপি দলটোক পৰাভূত কৰা হওক ,তাতকৈ বেলেগ পদ্ধতি আমাৰ আৰু একো নাই । আমি কোনো দলক ভোট দিবলৈ আপোনালোকক কোৱা নাই আমি কৈছোঁ বিজেপি দলক পৰাভূত কৰিব পাৰে, তেওঁকে আপোনালোকে ভোট দিয়ক।