জোনমণি বেগম

বিশ্বনাথ

১৫ মে’

সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ক’ভিডৰ দ্বিতীয় ঢৌৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কভিডৰ ভয়াবহ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰ, প্ৰশাসন অধিক কঠোৰ হৈ পৰা পৰুলক্ষিত হৈছে। ক’ভিড পৰিস্থিতিৰ লগত যুঁজ দিবলৈ চৰকাৰে দুপৰীয়া এক বজাৰ পৰা সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰাৰ লগতে সান্ধ্য আইন বলবৎ কৰিছে। ফলত সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাখনৰ সৰ্বসাধাৰণ লোক সাংঘাতিকভাৱে আৰ্থিক সংকটত সন্মুখীন হ’বলগীয়া হৈছে।

আনফালে জিলাখনৰ বহু গাঁও অঞ্চলৰ লগতে বাগিচা অঞ্চলৰ বহু লোক ক’ভিডত আক্ৰান্ত হোৱাত জিলা প্ৰশাসনে সেই অঞ্চল সমূহ কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে।কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা অঞ্চল সমূহৰ ৰাইজে ব্যাপকভাৱে অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ নাটনিত পৰাও পৰিলক্ষিত হৈছে। তেনে এক পৰিস্থিতিৰ সন্মুখীন হৈছে বিশ্বনাথৰ নিলপুৰ চাহ বাগিচাৰ লোক সকল। এই চাহ বাগিচাখনৰ অধিকাংশ লোকে দিন-হাজিৰা কৰি নিজৰ জীৱন নিৰ্বাহ কৰে যদিও এই বাগিচাখনত ক’ভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাত জিলা প্ৰশাসনে বাগিচাখন কন্টেইনমেন্ট জ’ন হিচাপে ঘোষনা কৰাত বাগিচাখনৰ দিন-হাজিৰা কৰা লোক সকল অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱত পৰা দেখিবলৈ পোৱা গৈছিল।

অৱশ্যে শুকুৰবাৰে এই বাগিচাখনৰ পৰা কন্টেইনমেন্ট জ’ন প্ৰত্যাহাৰ কৰা হয় যদিও বাগিচাখনৰ বহু লোক তীব্ৰ অৰ্থিক সংকটত পৰিব লগীয়া হৈছে। বাগিচাখনৰ লোক সকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈ পৰিছে। ইয়াৰ মাজতে এই বাগিচাখনৰ দৰিদ্ৰ লোক সকলক কিছু সকাহ দিবলৈ আগবাঢ়ি আহিছে বিশ্বনাথৰ চাৰিআলি গেছ এজেঞ্চিৰ কর্তৃপক্ষ। চাৰিআলি গেছ এজেঞ্চি কতৃপক্ষই শনিবাৰে চাহ বাগিচাখত উপস্থিত হৈ ১২০ টাকৈ দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰে অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰী।চাৰিআলি গেছ এজেঞ্চিৰ এনে পদক্ষেপক বিশ্বনাথৰ সমুহ সচেতন ৰাইজে শলাগ লৈছে।