ডিগবৈ

১৪ মে’

ডিগবৈ টিংৰাইত গ্ৰেনেড বিস্ফোৰণ৷ বিস্ফোৰণত এজন লোক নিহত হোৱাৰ লগতে গুৰুত্বৰভাৱে আহত হয় তিনিজনকৈ লোক। ঘটনাৰ লগত আলফা স্বাধীন জড়িত থকাৰ সন্দেহ। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাত অন্তৰ্গত টিংৰাইত শুকুৰবাৰে দুপৰীয়া প্ৰায় এক বজাত এক ভয়ংকৰ বিস্ফোৰণ সংগঠিত হয়৷ জানিব পৰা মতে টিংৰাই বজাৰৰ পুৰণমল আগৰৱাল নামৰ হাৰ্ডৱেৰ ব্যৱসায়ী এজনৰ দোকানক লক্ষ্য কৰি কোনো লোকে গ্ৰেণেড নিক্ষেপ কৰে। ঘটনাত তিনিজনকৈ লোক ক্ৰমে ঘনশ্যাম আগৰৱাল, মঞ্জিত দাস আৰু সুৰজিত তালুকদাৰ গুৰুত্বভাৱে আহত হোৱাৰ লগতে সঞ্জীৱ সিং নামৰ এজন লোক নিহত হয়৷

গুৰুত্বৰভাৱে আহত লোক সকলক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। গ্ৰেণেড বিস্ফোৰণৰ ঘটনা কোনে সংঘটিত কৰিলে এই সম্পৰ্কে জানিব পৰা হোৱা নাই যদিও ইয়াৰ লগত আলফা স্বাধীন জড়িত থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে। ইফালে আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে।