গুৱাহাটী
৫ মে’

অসম বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে বিজেপিৰ অসম প্ৰদেশৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক, জিলা আৰু মাণ্ডল সমিতি ভংগ কৰিলে বিজেপিয়ে। বিজেপিৰ অসম প্ৰদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ভংগ কৰিলে অসম প্ৰদেশৰ সংখ্যালঘু মৰ্চাৰ সকলো সমিতি।

যোৱা ২ মে’ত ঘোষণা কৰা হয় অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ গঠন কৰাৰ আশাত চেঁচা পানী ঢালি বিজেপিয়ে পুনৰবাৰ দিছপুৰ দখল কৰিবলৈ সক্ষম হয়। নিজৰ পাঁচ বছৰীয়া শাসনকালৰ অন্তত বিজেপিয়ে পুনৰ শাসনলৈ আহিছে যদিও কিছুমান অঞ্চলত বিজেপিৰ প্ৰদৰ্শন আছিল নিৰাশজনক। বিজেপিয়ে যদিও পুনৰ চৰকাৰ গঠন কৰিব কিন্তু সংখ্যালঘু প্ৰধান অঞ্চলৰ ৰাইজৰ বিজেপিৰ প্ৰতি আস্থা নাই। ইয়াকে প্ৰমাণ কৰিলে বিধানসভা নিৰ্বাচনৰ ফলাফল। নিৰ্বাচনত সংখ্যালঘু অঞ্চলত বিজেপিৰ প্ৰদৰ্শন আছিল অতিকৈ শোচনীয়। সংখ্যালঘু প্ৰধান অঞ্চলৰ আসন আজুৰি আনিবলৈ বিফল হোৱা দলটোৱে ভংগ কৰিলে নিজৰ সংখ্যালঘু মৰ্চাৰ সকলো সমিতি।

বিজেপিৰ অসম প্ৰদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাসে তৎক্ষনিকভাৱে কাৰ্যকৰী হোৱাকৈ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক, জিলা আৰু মাণ্ডল সমিতি সমূহক ভংগ কৰে। উল্লেখ্য যে বিজেপিয়ে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত নিম্নস্তৰৰ প্ৰদৰ্শন কৰিছে। সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত থকা বিজেপিৰ ২০ জনীয়া বুথ সমিতিতকৈ কম ভোট লাভ কৰিছে দলটোৱে।