জোনমণি বেগম

বিশ্বনাথ

১ জুন

বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেন্তাৰত ক’ভিড আক্ৰান্ত এগৰাকী প্ৰসূতিয়ে জন্ম দিলে কন্যা সন্তান। প্ৰসূতি গৰাকী বিশ্বনাথৰ ননকে জাপৰীগুৰিৰ বুলি জানিব পৰা গৈছে। প্ৰসূতি গৰাকীয়ে সোমবাৰে পুৱাৰ ভাগত ক’ভিড ৰোগত আক্ৰান্ত হৈ চাৰিআলি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু বিয়লিৰ ভাগত প্ৰসূতি গৰাকীয়ে জন্ম দিয়ে সন্তানটি।

আনহাতে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক সকলৰ যত্ন আৰু প্ৰচেষ্টাত নৰ্মেল ডেলিভাৰী কৰাই জন্ম দিয়ে এই সুস্থ সবল সন্তানটি কিন্তু এইফালে জন্ম হোৱা সন্তানটি ক’ভিড আক্ৰান্ত নে ক’ভিড মুক্ত এতিয়াও জানিব পৰা যোৱা নাই। বৰ্তমান মাতৃ আৰু সন্তান দুয়োগৰাকীয়েই সুস্থ অৱস্থাত আছে। চিকিৎসালয়খনৰ চিকিৎসক আৰু অন্য কৰ্মচাৰীসকলেও সফলভাৱে প্ৰসূতি গৰাকীক নৰ্মেল ডিলিভাৰি কৰাই আনন্দিত হৈ পৰিছে।

এইফালে বিশ্বনাথ অসামৰিক চিকিৎসালয়ত এনেদৰে ক'”ভিড আক্ৰান্ত মহিলাই সন্তান জন্ম দিয়াৰ কথা জানিব পাৰি বিশ্বনাথ জিলা উপায়ুক্তই চিকিৎসালয় পৰিদৰ্শন কৰে আৰু মাতৃ আৰু সন্তান দুয়োগৰাকীৰ স্বাস্থ্যৰ বুজ ল’য়। উপায়ুক্ত গৰাকীয়ে সৌজন্যতাৰ চিনস্বৰুপে এক উপহাৰো প্ৰদান কৰে প্ৰসূতি গৰাকীক। বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত এই দৰে এগৰাকী ক’ভিড আক্ৰান্ত প্ৰসূতিয়ে সুস্থ সবল সন্তান জন্ম দিয়া ঘটনাই সাধাৰণ ৰাইজৰ মনত নিৰাশাৰ সময়ত এক আশাৰ বতৰা কঢ়িয়াই আনিছে।