ধুবুৰী 

৩১ মে’

অসম আৰক্ষীয়ে ঘোষণা কৰিছে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ। বিগত কিছুদিন ধৰি অব্যাহত থকা অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানলৈ লক্ষ্য কৰিলে সহজে বুজিব পাৰি যে এইবাৰ আৰু কাৰো ৰেহাই নাই। অবৈধ ড্ৰাগছৰ বেহাৰ লগত জড়িত কোনো লোকে ৰক্ষা নপৰে এইবাৰ অসম আৰক্ষীৰ হাতৰ পৰা। ইয়াকে প্ৰমাণ কৰি দেখুৱালে অসম আৰক্ষীয়ে।

অবৈধ ড্ৰাগছৰ বেহাৰ লগত জড়িত আৰক্ষী বিষয়াকো এইবাৰ ৰেহাই নিদিলে আৰক্ষীয়ে। ড্ৰাগছ মাফিয়াৰ লগত জড়িত থকাৰ আৰাধত গ্ৰেপ্তাৰ কৰিলে ডি এছ পিক। ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত থকাৰ বাবে গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল ধুবুৰীৰ ডি এছ পি।

বিগত কিছুদিন ধৰি ৰাজ্যজুৰি চলি থকা অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীয়ে গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিছে। উজনিৰ পৰা নামনিলৈকে থকা ড্ৰাগছৰ ক’লা বজাৰখনত ভেটি কঁপাই তুলিছে অসম আৰক্ষীৰ অভিযানে। প্ৰতিদিনে ইজনৰ পিছত সিজন ড্ৰাগছ মাফিয়া পৰিছে আৰক্ষীৰ জালত। ৰাজ্যজুৰি আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ।

অসম আৰক্ষীৰ এই গুৰুত্বপূৰ্ণ সাফল্য সমূহৰ মাজত সোমবাৰৰ বৃহৎ সফল্যই জোকাৰি গৈছে অসম আৰক্ষীক। কাৰণ এইবাৰ ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত থকাৰ বাবে আৰক্ষীৰ জালত পৰিছে এজন শীর্ষ আৰক্ষী বিষয়া। ধুবুৰীৰ ডি এছ পি যতীন দাসক আৰক্ষীয়ে ড্ৰাগছৰ বেহাৰ লগত জড়িত থকাৰ বাবে গ্ৰেপ্তাৰ কৰিছে।

ধুবুৰীৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক অভিজিত দিলীপৰ নেতৃত্বত আৰক্ষীয়ে এক অভিযান চলাই গ্ৰেপ্তাৰ কৰা ধুবুৰীৰ ডি এছ পি যতীন দাসক। ডি এছ পি যতীন দাসৰ বিৰুদ্ধে বিভিন্ন অপৰাধমূলক কামৰ লগত জড়িত থকাৰ লগতে ড্ৰাগছৰ অবৈধ বেহাৰ লগতো জড়িত থকাৰ অভিযোগো উত্থাপন হৈছে।