গুৱাহাটী, সংবাদ ৩৬৫, ১৩ এপ্ৰিল : চৌদিশে এতিয়া অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ উছাহ। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ঢোলৰ গুমগুমণী। মহানগৰীৰ বিদ্যালয়-মহাবিদ্যালয়সমূহতো ছাত্ৰ ছাত্ৰীসকলে আয়োজন কৰিছে বিহুৰ বিশেষ অনুষ্ঠান।

শণিবাৰে মালিগাঁওস্থিত ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়তো ব্যতিক্ৰমী ধৰণে উদযাপন কৰা হয় ৰঙালী বিহু। পুৰণি বিহু পৰম্পৰা অটুট ৰখাৰ উদ্দেশ্যৰে মহাবিদ্যালয়খনত প্ৰতিবছৰে পালন কৰা হয় ৰঙালী বিহু। মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ নৃত্য – গীতত ৰজনজনাই উঠে অনুষ্ঠানৰ বাকৰি।

ইয়াৰোপৰি বিহু গীতত ককাল ভাঙি নাচিলে শিক্ষাৰ্থীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীসকলে। মুঠৰ ওপৰত উলহ মালহেৰে উদযাপিত কৰা হয় অসমীয়াৰ চেনেহৰ বহাগৰ বিহুটি।