নগাঁও, সংবাদ ৩৬৫, ১৩ এপ্ৰিল : জাক জাক জাকৈয়া মহিলাৰ জাকৈৰ চাব আৰু পাহোৱাল ডেকাৰ জালৰ চাবৰ লগতে প’ল, চেপা হাতে হাতে লৈ মাছ ধৰিবলৈ নামিল অগণন লোক । অগণন লোকৰ উপস্থিতিত মুখৰিত হৈ পৰিল নগাঁও জিলাৰ হাতিচোং মৌজাৰ অন্তগত ঐতিহাসিক দীঘলী বিলৰ পাৰ ।

যুগ যুগ ধৰি প্রতি বছৰে বহাগ বিহুৰ উৰুকাৰ দিনা গঞা ৰাইজে পৰম্পৰাগত ভাবে পালন কৰি আহিছে এই সমূহীয়া মাছ ধৰা উৎসৱ । শনিবাৰেও বিগত বৰ্ষবোৰৰ দৰে গঞা ৰাইজে ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে পালন কৰে এই সমূহীয়া মাছ ধৰা উৎসৱ ।

শনিবাৰে পুৱাৰে পৰা বটদ্ৰৱা ,জাজৰি,নসত্র,ৰাইদঙীয়া ,চকলাঘাট ,মাজগাঁও,গাখজুৱা,শিমলূুগুৰি,নমাটি , আদি ঠাইৰ পৰা দীঘলী বিললৈ মাছ ধৰিবলৈ আৰু মাছ ধৰাৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ হিল দল ভাঙি আহিছে ৰাইজ । অগণন ৰাইজৰ উপস্থিতিৰে উদুলি-মুদুলি হৈ পৰা দেখা যায় দীঘলী বিলৰ দুয়োপাৰ ।

এনেদৰে বিভিন্ন জাতি-ধৰ্মৰ ভেদাভেদ নেওচি সমবেত হোৱা বিহু বলিয়া জনতাই বিহু গীত গাই দীঘলী বিলৰ প্রাংগনত সমন্বয় স্থলীত পৰিণত কৰি এক সুকীয়া পৰিবেশ সৃষ্টি কৰে ।