নলবাৰী, ১৮ মেঃ বৰকুৰিহাত দীৰ্ঘদিন ধৰি এই  ত্ৰাসৰ সৃষ্টি কৰা চাৰি চোৰক আটক কৰিবলৈ সক্ষম হয় স্থানীয় লোক৷ বৰকুৰিহা গাঁৱৰ বসন্ত ভূঁঞা, কন্দৰ্প কলিতা, দিপু কলিতা আৰু দিগন্ত কলিতা নামৰ এই চাৰি যুৱকে অঞ্চলটোত বিভিন্ন ধৰনৰ চুৰি কাৰ্য সংঘটিত কৰি আহিছিল৷ যোৱা নিশা গাওঁ খনতে এখন চাইকেল চুৰি কৰিবলৈ আহি ধৰা পৰে৷ স্থানীয় লোকে চাৰি চোৰক গণ-পিটন দিয়ে৷ ইয়াৰ পিছতো চুৰি কৰাৰ কথা স্বীকাৰ নকৰাত জনতাৰ ক্ষোভৰ বলি হয় এই চাৰি চোৰ৷ অবশেষত ঘটনাস্থলীত কমাৰকুছি আৰক্ষী উপস্থিত হৈ ৰাইজৰ ৰোষৰ পৰা চোৰকেইটাক উদ্ধাৰ কৰে৷ বৰ্তমান চোৰকেইটাক কমাৰকুছি আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছে৷