ৰঙিয়া, ১৮ মেঃ অসমৰ বাবে এক সু-খবৰ । স্বচ্ছতাৰ ক্ষেত্ৰত দেশৰ ভিতৰত সপ্তম স্থান লাভ কৰিছে ৰঙিয়া ৰেল ষ্টেচনে । ভাৰতৰ ৩৭৭ টা ষ্টেচনৰ ভিতৰত ৰঙিয়া ৰেল ষ্টেচনে সপ্তম স্থান অধিকাৰ কৰিছে । এই খবৰ বিয়পি পৰাৰ পিছতে ৰঙিয়া জিলাখনৰ লগতে ৰেল ষ্টেচনটোত আনন্দময় পৰিবেশৰ সৃষ্টি হৈছে৷ ৰেল মন্ত্ৰালয়ৰ স্বচ্ছ ৰেল অভিযানৰ অধীনত চলোোৱা এক সমীক্ষাৰ প্ৰতিবেদনত ‘এ’ শ্ৰেণীৰ ৩৭৭ টা ষ্টেচনৰ ভিতৰত ৰঙিয়াই ৭ নং স্থান লাভ কৰিছে । ৰেলমন্ত্ৰী সুৰেশ প্ৰভুৱে আনুষ্ঠানিকভাৱে এই প্ৰতিবেদন ঘোষণা কৰে । বিভাগটোৰ এনে স্বীকৃতিক লৈ উৎফুল্লিত হৈ পৰিছে ষ্টেচনৰ চাফাই কৰ্মচাৰীৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰীসকল । এইক্ষেত্ৰত বিশেষভাৱে কৃতিত্বৰ দাবীদাৰ ষ্টেচনটোত দিনে নিশাই কৰ্মৰত ৬২ জন চাফাই কৰ্মচাৰী । দৈনিক ৮ ঘন্টাকৈ কাম কৰা এই সকল কৰ্মচাৰীয়ে এয়া তেওঁলোকৰ কৰ্মৰ পুৰস্কাৰ বুলি উল্লেখ কৰে ।