মুকালমুৱা, ২১ ছেপ্টেম্বৰঃ বৰক্ষেত্ৰীৰ চৰাঞ্চলত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত হাফিজুৰ ৰহমানক ভাংনামাৰী আৰক্ষীয়ে আটক কৰে৷ উল্লেখ্য যে, বৰক্ষেত্ৰীৰ ভাংনামাৰী আৰক্ষী থানাৰ অন্তৰ্গত লাউপাৰা চৰৰ ব্যৱসায়ী হাফিজুৰ ৰহমানে চাৰিদিন পূৰ্বে পত্নী-কন্যাক অতি নৃশংস ভাবে চোকা অস্ত্ৰৰে হত্যা কৰি পলায়ন কৰিছিল৷ আৰক্ষীয়ে হাফিজুৰৰ ঘৰৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত এডাত চোকা অস্ত্ৰ (বঠি) উদ্ধাৰ কৰিছিল৷ যোৱা নিশা ভাংনামাৰী আৰক্ষীয়ে হত্যাকাণ্ডৰ মূল অভিযুক্ত হাফিজুৰ ৰহমানক আটক কৰি জেৰা অব্যাহত ৰাখে৷ আৰক্ষীৰ জেৰাত হাফিজুৰে নিজহাতে পত্নী আৰু কন্যাক হত্যা কৰাৰ কথা স্বীকাৰ কৰে৷ হত্যাকাণ্ড সন্দৰ্ভত ভাংনামাৰী আৰক্ষীয়ে সদৰি কৰা মতে, হাফিজুৰৰ শাহুৱেক অৰ্থাৎ পত্নীৰ মাকৰ সৈতে অবৈধ সম্পৰ্ক আছিল৷ হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনা নিশা শাহুৱেক হাফিজুৰৰ ঘৰত আছিল আৰু দুয়ো অনৈতিক কাৰ্যত লিপ্ত হোৱা পত্নী ফৰিদা বেগমে প্ৰত্যক্ষ কৰি তিনিওৰে মাজত প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হৈছিল৷ ৰাতিপুৱা শাহুৱেক নিজ ঘৰলৈ অহাৰ পিছতে হাফিজুৰে পত্নী ফৰিদা বেগম(২৫) আৰু কন্যা(২) হালিমা বেগমক চোকা অস্ত্ৰৰে (বঠি) ডিঙি ৰেপি হত্যা কৰিছিল৷ ভাংনামাৰী আৰক্ষীয়ে হাফিজুৰ ৰহমানৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধিনত ৩১/১৭/ইউ/এছ/৩০২/২০১/৩৪ নম্বৰত গোচৰ ৰজু কৰি নলবাৰী জেললৈ প্ৰেৰণ কৰিছে৷