গুৱাহাটী, ২১ ছেপ্টেম্বৰঃ কাজিৰঙাত আজি পুনৰ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ গেৰাকাটি বন শিবিৰৰ বিলৰ পাৰত বনকৰ্মীয়ে মাইকী বনহস্তীৰ মৃতদেহটো উদ্ধাৰ কৰে৷ মৃত হাতীজনীৰ গাত আঘাতৰ চিন প্ৰত্যক্ষ কৰা হৈছে৷ বুধবাৰে নিশা বনশিবিৰৰ সমীপত বনকৰ্মীয়ে হাতীৰ চিঞৰ বাখৰ শুনা পাইছিল আৰু ইয়াৰ পাছতেই আজি পুৱা হাতীজনীৰ মৃতদেহটো উদ্ধাৰ কৰা হয়৷ বনকৰ্তৃপক্ষ তথা বনকৰ্মীয়ে পাৰস্পৰিক যুঁজত হাতীজনী আহত হৈ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে৷ উল্লেখ্য যে, তিনিদিন পূৰ্বে কঁহৰা বনাঞ্চলৰ অন্তৰ্গত বৰদলনী বনশিবিৰত খাদ্য সংকটত এজনী গঁড়ে কৰুণ মৃত্যুক সাৱতি ল’বলগীয়া হৈছিল৷