আজিজুল হক

বৰপেটা

৯ মাৰ্চ

বৰপেটাৰ জ্যেষ্ঠ সাংবাদিক কুন্তল কলিতালৈ ইণ্ডিয়ান জাৰ্নালিষ্ট এছ’চিয়েশ্যন চমুকৈ “ইজা”ৰ বৰপেটা জিলা সমিতিয়ে আগবঢ়াইছে “নিষ্ঠাৱান সাংবাদিকতা বঁটা ২০২১”। বৰপেটাৰ কয়াকুছিত ৭ মাৰ্চত ফুলাম গামোচা, জাপি, মানপত্ৰ আৰু মেমন্টোৰে কুন্তল কলিতাক এই বঁটা প্ৰদান কৰে “ইজা”ৰ জিলা সমিতিৰ প্ৰথম বাৰ্ষিক অধিবেশনত সভাপতি জলিল, কাৰ্যকৰী সভাপতি আজিজুল হক, সাধাৰণ সম্পাদক মনজিৎ দাস আৰু সম্পাদক সেখ ৰহমত উল্লাহয়ে।

বটাঁ গ্ৰহণ কৰি সাংবাদিক কুন্তল কলিতাই কয়” সাংবাদিকতা বিশাল বিশ্বখনৰ এটি কোণত থিয় হ’বলৈ সক্ষম হৈছো। এইয়া বঁটা নহয় এক স্বীকৃতি লাভ কৰিছো। সাংবাদিকতাৰ ধৰ্ম পালনৰ ক্ষেত্ৰত সকলো সাংবাদিককে দায়িত্ব পালন কৰিবলৈ আহ্বান জনালোঁ। সংগঠনটোৰ প্ৰসাৰতা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰতিগৰাকী কৰ্মকৰ্তাই যাতে দায়িত্বসহকাৰে কাম কৰে তাৰে আহ্বান জনালোঁ। সাংবাদিক সকলে যাতে সুচিন্তাৰ পৰা বিচলিত নহয়, সংবাদ মাধ্যমৰ জড়িয়তে সমাজত সেৱা প্ৰদান কৰে তাৰ বাবে ইণ্ডিয়ান জাৰ্নালিষ্ট এছ’চিয়েশ্যনে দায়িত্ব পালন কৰিব বুলি আশা কৰিলোঁ”। সূদীৰ্ঘকাল বৰপেটা সদৰৰ পৰা অতি নিষ্ঠাৰে সাংবাদিকতাৰ দায়িত্ব পালন কৰা সাংবাদিক কুন্তল কলিতাই ১৯৯১ চনত অসম সংবাদ নামৰ কাকতৰ জড়িয়তে সাংবাদিকতা আৰম্ভ কৰে। তাৰ পিছত সাপ্তাহিক বুধবাৰ কাকতত কাম কৰি ১৯৯৮ চনৰ পৰা আমাৰ অসম কাকতত সদৰৰ পৰা কাম কৰে। ১৯৯৮ চনত মাহেকীয়া ভূমিকা আৰু পদক্ষেপ নামৰ আলোচনীত তেওঁ কাৰ্যবাহী সম্পাদক হিচাপে নিযুক্তি লাভ কৰাৰ পিছত ২০০২ চনত দৈনিক জনসাধাৰণ কাকতত সাংবাদিকতা কৰে। ২০০৪ চনৰ পৰা ২০১৩ চনলৈ প্ৰসাৰ ভাৰতীৰ বৰপেটা জিলাৰ সংবাদদাতা হিচাপে সেৱা আগবঢ়োৱা কুন্তল কলিতাই ২০১৬ চনৰ পৰা বৰ্তমানলৈ দৈনিক বাতৰি কাকতত সাংবাদিকতা কৰি আছে।

সাংবাদিক কুন্তল কলিতাই লিখা কবিতাও এক প্ৰকাৰ শইচ নামৰ কবিতাপুথি অনুভৱী খবৰ নামৰ প্ৰৱন্ধ সংকলন প্ৰকাশ পোৱাৰ উপৰিও তেওঁ লেখা বহু কবিতা, প্ৰৱন্ধ বিভিন্ন কাকত, আলোচনীত প্ৰকাশ পায়। আপকুৰ উদ্যোগত অনুষ্ঠিত ৰাজ্যিক ভিত্তিত অনুসন্ধানমূলক বাতৰি প্ৰতিযোগিতাত তেওঁ প্ৰথম স্থান দখল কৰা বাবে তেওঁলৈ পণ্ডিত সুৰেন্দ্ৰ নাথ গোস্বামী সোঁৱৰণী বঁটা আগবঢ়োৱা হৈছিল।