আজিজুল হক

বৰপেটা

৯ মাৰ্চ

“বঁটা বাহন কেৱল স্বীকৃতিয়ে নহয়, ই এক প্ৰেৰণা। অতীতৰ সাংবাদিকতা আৰু সাম্প্ৰতিক সময়ৰ সাংবাদিকতাৰ মাজত বহুত পাৰ্থক্য আছে। তেতিয়াৰ সংবাদ পৰিবেশন, সংগ্ৰহ যাতায়ত ব্যৱস্থা আদি ক্ষেত্ৰত অতি জটিলতা আছিল কিন্তু যুগৰ পৰিবৰ্তনৰ লগে লগে এই প্ৰক্ৰিয়াবোৰ এতিয়া অতি সহজ হৈ পৰিছে। সংবাদ মাধ্যমক যদিও নিৰপেক্ষ বুলি কোৱা হয় আচলতে সেইয়া শুদ্ধ নহয়। সংবাদ মাধ্যমে সদায় ৰাইজৰ পক্ষত অৱস্থান কৰে” বৰপেটাত এইদৰে কয় আমাৰ অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক আলিয়াছ আহমেদে।

যোৱা ৭ মাৰ্চত কয়াকুছিত ইণ্ডিয়ান জাৰ্নালিষ্ট এছ’চিয়েশ্যন “ইজা”ৰ বৰপেটা জিলা সমিতিৰ প্ৰথম বাৰ্ষিক অধিবেশনত বঁটা গ্ৰহণ কৰি সাংবাদিক আলিয়াছ আহমেদে কয় যে বঁটা বাহনে অধিক দায়িত্বশীল কৰি তুলিব মোক। সমাজ আৰু জাতীয় জীৱনৰ প্ৰতি অধিক দায়িত্বশীল কৰি তুলিব মোক। “ইজা”ৰ এই প্ৰচেষ্টাক আদৰণি জনাই চৰকাৰৰ ওচৰত সাংবাদিকৰ জীৱন সুৰক্ষিত হ’ব পৰাকৈ আইন প্ৰৱৰ্তনৰ দাবী তোলে সাংবাদিক আলিয়াছ আহমেদে।সূদীৰ্ঘকাল এগৰাকী দায়িত্বশীল, নিষ্ঠাৱান সাংবাদিক হিচাপে সমাজত পৰিচিত বৰপেটাৰ ভেল্লাৰ জ্যেষ্ঠ সাংবাদিক তথা বৰ্তমান “আমাৰ অসম” কাকতৰ জ্যেষ্ঠ ষ্টাফ ৰিপৰ্টাৰ আলিয়াছ আহমদক “দায়বদ্ধ সাংবাদিকতা বঁটা” আনুষ্ঠানিকভাৱে প্ৰদান কৰে ইণ্ডিয়ান জাৰ্নেলিষ্ট এছচিয়েশ্যন চমুকৈ “ইজা”ৰ বৰপেটা জিলা সমিতি সভাপতি আব্দুল জলিল, কাৰ্যকৰী সভাপতি আজিজুল হক, সাধাৰণ সম্পাদক মনজিৎ দাস আৰু সম্পাদক সেখ ৰহমত উল্লাহই। উল্লেখযোগ্য যে আলিয়াছ আহমেদ ১৯৯০ চনত আজিৰ বাতৰি, দৈনিক অসম কাকতত মুক্ত সাংবাদিক হিচাপে প্ৰৱেশ কৰি পৰবৰ্তী সময়ত ভেল্লাৰ পৰা দৈনিক অগ্ৰদূত, পষেকীয়া অধিকাৰ সেউজ সংবাদ আদিত সক্ৰিয় সাংবাদিক হিচাপে কাম কৰি সমাজৰ প্ৰকৃত ছবি প্ৰতিফলিত কৰাত দায়িত্ব পালন কৰে। তাৰ পিছত ১৯৯৭ চনত আমাৰ অসম কাকতত সাংবাদিকতা কৰি এবছৰ পিছত বৰপেটাৰ বিশেষ প্ৰতিনিধি আৰু পৰবৰ্তী সময়ত নামনি অসম প্ৰতিনিধি হিচাপে সংবাদ সেৱা আগবঢ়াইছে। ২০০৩ চনত দৈনিক বাতৰিত গুৱাহাটীস্থিত মূখ্য কাৰ্যালয়ত জ্যেষ্ঠ ষ্টাফ ৰিপৰ্টাৰ, ২০০৬ চনত আজি কাকতত জ্যেষ্ঠ ষ্টাফ ৰিপৰ্টাৰ হিচাপে সংবাদ সেৱা আগবঢ়োৱাৰ পিছত পুনৰ ২০০৭ চনত আমাৰ অসম কাকতত জ্যেষ্ঠ ষ্টাফ ৰিপৰ্টাৰ হিচাপে যোগদান কৰে। তেতিয়াৰে পৰাই বৰ্তমানলৈকে আমাৰ অসম কাকতত দায়িত্ব সহকাৰে সংবাদ সেৱা আগবঢ়াই এগৰাকী অক্লান্ত সংবাদ প্ৰহৰীৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। সাংবাদিক আলিয়াছ আহমেদে “আকামুপ”, সমন্বয় আদি নামৰ প্ৰতিষ্ঠানিক আলোচনীৰ সম্পাদক আছিল। তেওঁ লেখা প্ৰায় ৫০ টাৰো অধিক কবিতাৰ লগতে বহু নিবন্ধ বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাইছে। আলিয়াছ আহমেদে ২০১৮ চনত গণ অধিকাৰ কাকতৰ ৰূপালী জয়ন্তীত প্ৰতিষ্ঠানে “শ্ৰেষ্ঠ যুৱ সাংবাদিকতা বঁটা “ৰ সন্মান পোৱাৰ লগতে ঐক্য সেনা অসমেও “যুৱ সাংবাদিকতা বঁটা” প্ৰদান কৰিছিল। ইয়াৰোপৰি সমাজৰ বিভিন্ন দিশৰ বা বাতৰি পৰিবেশন কৰি সামাজিক দায়িত্ব পালন কৰা বাবে আহমেদক বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছে।

আলিয়াছ আহমেদক এই বঁটা প্ৰদান কৰাত ভেল্লাৰ ৰাইজেও উৎফুল্লিত হৈছে। জন্মগাঁও ভেল্লাতো এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইফালে ইজা”ৰ বৰপেটা জিলা সমিতিয়ে বৰপেটাৰ জ্যেষ্ঠ সাংবাদিক কুন্তল কলিতাক সংবাদ মাধ্যমত সততাৰে সেৱা আগবঢ়োৱা বাবে “নিষ্ঠাৱান সাংবাদিকতা বঁটা”, চৰ অঞ্চলৰ বিভিন্ন তথ্য চিত্ৰ সহকাৰে যুগুত কৰি ৰখা বাবে বহৰিৰ জ্যেষ্ঠ সাংবাদিক ফৰহাদ ভূঞাক তথ্য চিত্ৰ সাংবাদিকতা বঁটা আৰু সাহিত্য ক্ষেত্ৰখনত অনবদ্য অৱদানৰ বাবে বৰপেটাৰ লেখক কমললোচন দাসক “সাহিত্য সাধনা বঁটা” বঁটা প্ৰদান কৰিছে। বঁটা প্ৰদান অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে ।