গুৱাহাটী, সংবাদ ৩৬৫, ২৯ মাৰ্চ : সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ, গুৱাহাটী মহানগৰ জিলা সমিতিয়ে গৰিয়া, মৰিয়া, দেশী জনগোষ্ঠীৰ লোকসকল উন্নতিৰ স্বাৰ্থত চিন্তা চৰ্চা কৰাৰ ক্ষেত্ৰত ৰাইজৰ দিহা-পৰামৰ্শ কামনা কৰি এখন প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰে।

প্ৰেছ বিজ্ঞপ্তি খনত তেওঁলোকে উল্লেখ কৰে যে যিটো সময়ত অসমৰ আন আন জাতি-জনগোষ্ঠীয়ে সুকীয়া আত্মপৰিচয় দাঙি ধৰাৰ পথ ললে তেনে সময়তে অসমৰ চুকে-কোণে বসবাস কৰা অসমৰ ভূমিপুত্ৰ (ইছলামধৰ্মী) গৰিয়া, মৰিয়া, দেশী জনগোষ্ঠীৰ লোকসকল বঞ্চিত আৰু অৱহেলিত হৈ থাকিল৷ তেনে এক ঐতিহাসিক সময়তে বঞ্চিত আৰু অৱহেলিত লোকসকলৰ ন্যায় আৰু অধিকাৰৰ হৈ কাম কৰাৰ স্বাৰ্থত ২০০৬ চনৰ ০৪ ফেব্ৰুৱাৰীত এক জাতীয় অভিৱৰ্তনৰ জৰিয়তে অসমত আত্মপ্ৰকাশ কৰিছিল সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ৷

বৰ্তমানৰ পৰিস্থিতিত আৰ্থ-সামাজিক, শৈক্ষিক আৰু ৰাজনৈতিক দিশত সাংঘাতিক ভাবে বঞ্চিত-অৱহেলিত হৈ গৰিয়া, মৰিয়া, দেশী জনগোষ্ঠীৰ যুৱ প্ৰজন্ম হতাশাত ভুগিছে৷ প্ৰাৰম্ভিক পৰিস্থিতিত অসমীয়া জাতিক ধৰ্মীয় মেৰুকৰণৰ দ্বাৰা বিভাজনেৰে ঐক্য সংহতি বিনষ্ট কৰি সাতামপুৰুষীয়া এনাজৰী ডাল থান-বান কৰিব খুজিছে৷

কোনো ধৰ্মৰ ভিত্তিত নহয় ,বিভিন্ন ধৰ্ম, বৰ্ণ, জাতি-জনগোষ্ঠীৰ সমিল-মিলেৰে বৃহত্তৰ অসমীয়া জাতি গঠন হৈছিল ৷ অসম খন হৈছে জাতি-জনগোষ্ঠীৰ মিলনভূমি৷ অসম খনক অধিক শক্তিশালী আৰু অসমীয়া জাতিৰ অস্তিত্ব আৰু প্ৰভুত্ব বজাই ৰাখিবলৈ হলে আমি আমাৰ জনগোষ্ঠীকেইটাকো শক্তিশালী কৰিবই লাগিব৷ এই সময়ছোৱাত ৰাজ্যৰ বিভিন্ন জনজাতি-জনগোষ্ঠীৰ দৰেই সমগ্ৰ অসমৰ গৰিয়া, মৰিয়া, দেশী জনগোষ্ঠীৰ সচেতন নাগৰিক, বুদ্ধিজীৱী, সাংবাদিক, যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰী, মহিলা সমাজ আদিয়ে একত্ৰিত হৈ হৃতমৰ্যদা পুনৰ উদ্ধাৰৰ সংগ্ৰামখন অধিক শক্তিশালী কৰিব লাগিব৷

প্ৰেছ বিজ্ঞপ্তি খনত তেওঁলোকে আৰু উল্লেখ কৰে যে আমাৰ অধিকাৰ আৰু প্ৰাপ্যৰ বাবে জনগোষ্ঠীয় সংগ্ৰাম কৰাৰ বাহিৰে গত্যন্তৰ নাই৷ ৰাইজৰ অফুৰন্ত সহাৰিত এই জনগোষ্ঠীকেইটাৰ হৈ যোৱা ১৪ বছৰে সংগঠনটোৱে সগৌৰৱেৰে শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছে৷ সমানে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ দ্বাৰা গঠিত ৩০ জাতীয়-জনগোষ্ঠীয় মঞ্চত কাম কৰি আহিছে৷ সকলো জাতি-জনগোষ্ঠীৰ সৈতে সমিলমিলেৰে একত্ৰিত হৈ জাতি-ধৰ্মনিৰ্বিশেষে অসমৰ প্ৰতিটো জ্বলন্ত সমস্যা সমাধানৰ বাবে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি অহা অসমৰ ৰাইজে দেখি আহিছে৷

যিটো সময়ত অসমৰ ভূমিপুত্ৰ ইছলামধৰ্মীসকলৰ অস্তিত্বৰ প্ৰতিয়েই ভাবুকি আহি পৰিছিল সেই সময়ত বহু কষ্টৰ মাজেৰে ভূমিপুত্ৰ ইছলামধৰ্মীসকলক একতাৰ ডোলেৰে বান্ধ খুৱাই আগুৱাই নিয়াৰ পথ প্ৰশস্ত কৰিছে সংগঠনটোৱে৷ সেয়েহে এলাগী পৰা জনগোষ্ঠীকেইটাৰ উন্নতিৰ স্বাৰ্থত চিন্তা চৰ্চা কৰা ৰাইজৰ দিহা-পৰামৰ্শ আৰু অভিভাৱকত্ব কামনা কৰিছে সংগঠনটোৱে।