বাইহাটা চাৰিঅালি সংবাদ ৩৬৫, ২৮ মাৰ্চঃ কামৰূপ জিলাৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱাজানীত দলিলৰ অবৈধ বেহাৰ এটা ঘাটি উৎখাত কৰে কমলপুৰ আৰক্ষীয়ে । এগৰাকী মহিলাক আটক কৰাৰ লগতে জব্দ কৰে বহু পৰিমাণৰ ৰেভিনিউ টিকট আৰু দলিল ।

উল্লেখ্য যে কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱাজানীৰ চাফনুৰ আলীৰ নামৰ ব্যক্তি এজনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত দীৰ্ঘদিন ধৰি ব্যৱসায়ীগৰাকীয়ে চলাই আহিছিল দলিলৰ ৰমৰমীয়া ক’লা বেহা। চাফনুৰ আলীৰ দলিলৰ এনে ক’লা বেহাৰ বিৰুদ্ধে অঞ্চলটোৰ একাংশ সচেতন মহলে কমলপুৰ ৰাজহ চক্ৰ বিষয়া বেদাংগ তালুকদাৰক অভিযোগ প্ৰদান কৰে। সেইমৰ্মে ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে কমলপুৰ আৰক্ষী থানাক দলিলৰ এনে ক’লা বেহাৰ বিৰুদ্ধে তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

এনে অভিযোগৰ তদন্ত কৰি কমলপুৰ আৰক্ষীয়ে চাফনুৰ আলীয়ে দলিলৰ অবৈধ বেহা চলাই আহিছে বুলি নিশ্চিত হয়। সেই অনুসৰি কমলপুৰ আৰক্ষীয়ে অভিযান চলাই চাফনুৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা দলিল আৰু বৃহৎ পৰিমাণৰ ষ্টাম্প জব্দ কৰাৰ লগতে চাফনুৰৰ পত্নী চাহিদা খাতুনক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে পেচাত শিক্ষকতা কৰা চাফনুৰক পত্নী চাহিদাই দলিলৰ অবৈধ ব্যৱসায়টো চোৱাচিতা কৰিছিল। আৰক্ষীয়ে চাহিদা খাতুনক আটক কৰাৰ পাছতে আত্মাগোপন কৰে চাফনুৰ আলীয়ে ।