খাৰুপেটীয়া, সংবাদ ৩৬৫, ২০ ফেব্ৰুৱাৰী: পুলৱামা আক্ৰমনৰ পিচতে দেশত ভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰ লগতে কোনো কোনোৱে আকৌ বিৰোধীমূলক মন্তব্য ছচিয়েল মিডিয়াত প্ৰচাৰ কৰি আটক হয় আৰক্ষীৰ। মংগলবাৰেও ছচিয়েল মিডিয়াত ভাৰত বিৰোধী মন্তব্য প্ৰচাৰ কৰাৰ বাবে দলগাঁৱত এজনক আটক কৰে। আটক হোৱা যুৱকজন দলগাওঁ থানাৰ চকাৰ বস্তি গাঁৱৰ আব্দুল গফুৰৰ পুত্ৰ আহেজুদ্দিন আহমেদ। আহেজুদ্দিনে ফেচবুকত পাকিস্তান জিন্দাবাদ, প্ৰধান মন্ত্ৰী মূর্দাবাদৰ লগতে কিছুমান ভাৰত বিৰোধী বিষয় প্ৰচাৰ কৰিছিল ফেচবুক যোগে । আহেজুদ্দিনৰ ফেচবুক একাউন্টত আছে পাকিস্তান আৰু বাংলাদেশৰ বহু বন্ধু ।যুৱক জনক দলগাওঁ থানাৰ পি এছ চি নং ৬৫/১৯ ইউ/এছ ১২৪ এ/৫০৫(২) আই পি চি ধাৰাত আটক কৰে দলগাওঁ আৰক্ষীয়ে।যুৱক জনক বৰ্তমান দলগাওঁ থানাত সোধা পোছা কৰি আছে। দৰং আৰক্ষীযে তীক্ষ্ণ দৃষ্টি ৰাখিছে ছচিয়েল মিডিয়াত। আৰক্ষী অধীক্ষকে জনাইছে অনুসন্ধান চলি আছে আৰু বহু তথ্য পোহৰলৈ আহিব।