তামুলপুৰ, সংবাদ ৩৬৫, ১৯ ফেব্ৰুৱাৰী: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কলবাৰীস্থিত পুলৱামাত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত নিহত হোৱা বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ বাসগৃহত ৰাতিপুৱাৰে পৰা অসমৰ ভিন্ন প্ৰান্তৰ পৰা দল সংগঠনকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ৱবীয়া সকল আহি ছহিদ গৰাকীৰ বাসগৃহত পৰিয়ালক সাক্ষাৎ কৰি গভীৰ সমবেদনা জনায়। মংগলবাৰে আবেলি উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ হৈ মৰিয়নিৰ বিধায়ক ৰুপজুতি কুৰ্মি আৰু নৰ্থ কৰিমগঞ্জৰ বিধায়ক কমালক্ষডে পুৰকায়স্থ । বিধায়ক দুইজনৰ লগত তামুলপুৰ জিলা কংগ্ৰেছ বিষয় ববীয়া সকল আহি উপস্থিত হয়। বিধায়ক দুইগৰাকীয়ে শ্বহীদ গৰাকীৰ ঘৰত উপস্থিত হয় আৰু ছহিদ গৰাকীৰ পত্নী-কন্যা-পুত্ৰক লগ ধৰি ছহিদ গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। সংবাদিকৰে হোৱা এক সাক্ষাত্কাৰত বিধায়ক গৰাকীয়ে কয় চোৰাংচোৱা সংস্থাই পাকিস্তানী উগ্ৰপন্থীয়ে কাশ্মীৰত আই ই ডি বিষ্ফোৰন কৰাৰ কথা উল্লেখ কৰাৰ পিছতো কিয় উপযুক্ত ব্যৱস্থা গ্ৰহন নকৰিলে সেইটো এটা ডাঙৰ প্ৰশ্ন বুলি উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰে এইক্ষেত্ৰত কৰবাত যেন অলপ ভূল কৰিছে বুলি উল্লেখ কৰে। উগ্ৰপন্থী দমনৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ লগতে সকলো চৰকাৰৰ লগত তেওঁলোকে সহযোগ কৰাৰ লগতে এই ক্ষেত্ৰত চৰকাৰক কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ চৰকাৰ আহ্বান জনাই যি সকলে চ’চিয়েল মিডিয়া যোগে পাকিস্তান জিন্দাবাদ দিছে তেওঁলোকৰ ওপৰত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহন কৰিব’লৈ আহ্বান জনাই। ইপিন যোৱা কালি বিধান সভাৰ অধিবেশনত অসম চৰকাৰে ছহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালৰ এজনক চৰকাৰী চাকৰী দিয়াৰ বাবে বিষয়ে কংগ্ৰেছ দলৰ পৰা প্ৰস্তাৱ দাঙি ধৰা হৈছে আৰু অহা কালিলৈ বিধান সভাত কংগ্ৰেছ দলৰ পৰা বিধান সভাৰ প্ৰতিজন বিধায়কৰ এমাহৰ দৰমহা শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়াললৈ আগবঢ়াবলৈ প্ৰস্তাৱ দাঙি ধৰিব ।