আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমানৰ হাজৰিকা

শিৱসাগৰ

২৮ অক্টোবৰ

অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ কেলেংকাৰী সন্দৰ্ভত অসম আৰক্ষীয়ে চলাই থকা তদন্তৰ মাজতেই শিৱসাগৰত সংঘটিত হৈছে এক ভূৱা নিযুক্তিৰ ঘটনা৷ ভুৱা নিযুক্তিপত্ৰৰে যোগদান কৰিবলৈ আহি শিৱসাগৰ আৰক্ষীৰ জালত পৰিল পশ্চিম বংগৰ কোচবিহাৰৰ এজন যুৱক৷ প্ৰসেনজিৎ বৰ্মন নামৰ যুৱকজনে ভুৱা নিযুক্তি পত্ৰৰে শিৱসাগৰলৈ আহিছিল আবকাৰী বিভাগত যোগদান কৰিবলৈ৷ 

আবকাৰী আয়ুক্তৰ স্বাক্ষৰ সম্বলিত নিযুক্তি পত্ৰৰে কৰ্মত যোগদানৰ বাবে উপস্থিত হোৱাৰ পিছতেই পোহৰলৈ আহে ভয়ংকৰ জালিয়াতিৰ ঘটনা৷ যুৱকজনে চাকৰিত যোগদান কৰিবলৈ আহি শিৱসাগৰ জিলা আবকাৰী অধীক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰোতে নিযুক্তি পত্ৰত সন্দেহ ওপজাত অধীক্ষক গৰাকীয়ে  আয়ুক্তৰ কাৰ্যলয়ৰ সৈতে যোগাযোগ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে আটক কৰে প্ৰসেনজিৎ বৰ্মনক ৷ আনহাতে আৰক্ষীয়ে জিলা আৱকাৰী বিভাগে দাখিল কৰা এজাহাৰৰ ভিত্তিত প্ৰসেনজিৎ বৰ্মনক নিজৰ জিম্মাত লৈ সোধাপোচা কৰাত  সন্মুখলৈ আহিছে আন  কেতবোৰ বিস্ফোৰক তথ্য৷ আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি দুধনৈৰ পৱন বৰা নামৰ এটা দালালে গুৱাহাটীৰ এখন হোটেলত কৰ্মৰত  প্ৰসেনজিৎ বৰ্মন নামৰ যুৱকজনক প্ৰদান কৰিছিল এই ভুৱা নিযুক্তিপত্ৰ।

মুখন৪৮ হাজাৰ টকাৰ বিনিময়ত প্ৰসেনজিৎ বর্মনক দালাল প্ৰৱণ বৰাই প্ৰদান কৰিছিল এই ভুৱা  নিযুক্তিপত্ৰখন৷ ইতিমধ্যে আৱকাৰী বিভাগৰ এজাহাৰৰ ভিত্তিত  প্ৰসেনজিৎ বর্মনক গ্ৰেপ্তাৰ কৰাৰ লগতে দলাল পৱণ বৰাক বিচাৰি অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে৷